মুখ্যমন্ত্ৰীলৈ সামাজিক মাধ্যমত আৱেগিক প’ষ্ট মহানগৰীৰ এগৰাকী যুৱতীৰ।(Ruji Mudoi)
যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে ৫ তাৰিখে স্কুটীখনৰ EMI শেষ হৈছিলহে, চুৰে লৈয়ে গ’ল।
চুৰি হোৱা স্কুটীখন বিচাৰি দিবলৈ যুৱতীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে কাতৰ অনুৰোধ।
চুৰি হোৱা স্কুটিখনৰগৰাকী যুৱতীগৰাকীৰ নাম ৰুজি মুদৈ।
পিতৃহীনা ৰুজিৰ উপাৰ্জনৰ একমাত্ৰ আহিলা আছিল স্কুটিখন।
আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই স্কুটীখন।
সেয়েহে স্কুটিখন বিচাৰি দিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনালে।