Breaking

৩১ অক্টোবৰত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিন, বিজেপি গুৱাহাটী মহানগৰ জিলাৰ একতাৰ দৌৰ কাৰ্য্যসূচী

0 64

দৈনন্দিন বাৰ্তা সেৱাঃ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাই অহা ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিৱস উদযাপন কৰিব৷ সেই উপলক্ষে শনিবাৰে বিজেপিয়ে একতাৰ দৌৰ কাৰ্যসূচী ৰুপায়ন কৰিব৷ ভাৰতীয় জনতা পাৰ্টীৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, স্বাধীনতাৰ পিছত দেশক একত্ৰিত কৰি ৰখাত পেটেলৰ ভূমিকা আছিল অপৰিসীম৷

সেই সময়ত চৰ্দাৰ বল্লভ ভাই পেটেলে একতাৰ বান্ধোনেৰে ধৰি ৰাখিবলৈ সক্ষম হৈছিল৷ বল্লভ ভাই পেটলৰ অখণ্ড ভাৰত নিৰ্মানত যথেষ্ট অৰিহনা আছে৷ সেয়ে বল্লভ ভাই পেটেলৰ জন্মদিন ‘একতাৰ দিন’ হিচাপে পালন কৰা হয়৷ ইয়াৰ বাবেই বিজেপিয়ে একতাৰ দৌৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিব বুলি সভাপতি মৃগেন শৰণীয়াই জনায়৷

আনহাতে সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকাই জনোৱা অনুসৰি একতাৰ দৌৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী তথা নেডাৰ ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, জিএমডিএৰ উপাধক্ষ্য মুকুতা ডেকা, বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে দল আৰু চৰকাৰৰ বহু কেইগৰাকী নেতাই অংশগ্ৰহন কৰাৰ সম্ভাৱনা আছে।

ডেকাই লগতে বিজেপিৰ প্ৰায় পাঁচ শতাধিক সদস্যই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি অমৰজ্যোতি ডেকাই জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.