Breaking

কলকাতা চলচ্চিত্ৰ মহোৎসৱত ৰুণা লাইলাৰ ‘পিঞ্জৰা’ৰ তিনিটা বিৰল সন্মান লাভ

0 28

জালুকবাৰী,৩০ জুন: কলিকতা চহৰত ২৬ জুনত অনুষ্ঠিত হোৱা ফিল্ম ফেষ্টিভেল জাংচনৰ দ্বাৰা আয়োজিত চতুৰ্থ আমাদেৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসবত জে আৰ এম প্ৰডাকচনৰ বেনাৰত ৰুণা লাইলাৰ দ্বাৰা প্ৰযোজিত আৰু তেওঁৰ কাহিনীৰ আধাৰত অসীম হাজৰিকাৰ দ্বাৰা পৰিচালিত বোলছবি “পিঞ্জৰা”ই প্ৰায় ১,০০০ খন ছবিৰ ভিতৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী এই তিনিওটা শাখাত পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। জাপান,শ্ৰীলংকা,বাংলাদেশৰ দৰে বিদেশী ৰাষ্ট্ৰৰ ছবিয়েও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত এই বিৰল সন্মান লাভ কৰাটো এটি গৌৰৱৰ কথা। ছবিখনত বঁটা প্ৰাপ্ত সহঃ অভিনেত্ৰীৰ চৰিত্ৰটোত অভিনয় কৰিছে বন্দনা বৰুৱাই।

অসমীয়া ছবি জগতৰ মহিৰূহ নিপন গোস্বামীৰ এইখন আছিল শেষৰ খন ছবি। ছবিখনত প্ৰবীণ নায়িকা বিদ্যা ৰাওৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী কিনকিনি ভট্টাচাৰ্য,উদয়ন দুৱৰা,চিমি ৰিয়ান,তুহিন কন্যা, ডঃ জয় বৰা,শিশু শিল্পী পৰ্নিকাৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে। উপহাৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ কাহিনীকাৰ তথা প্ৰযোজক ৰুণা লাইলাই কয় যে সতীয়া মাক আৰু পবিত্ৰ বন্ধুত্বৰ এটি ব্যতিক্ৰমী ৰূপ দাঙি ধৰা ছবিখনক লৈ তেওঁ যথেষ্ট আশাবাদী। উল্লেখ্য যে গুৱাহাটীৰ জালুকবাৰী নিবাসী,মহিলা সমাজসেৱিকা ৰুনা লাইলা বিভিন্ন সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠানৰ লগত জড়িত হৈ সমাজলৈ সেৱা আগবঢ়াই আহিছে।

Leave A Reply