Rupak Sarmah: ইতিহাস প্ৰসিদ্ধ নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

আহোম ৰাজত্ব কালৰ অত্যাচাৰী শাসক লালুকসোলা বৰফুকনক হত্যা কৰি জাতীয় নায়কলৈ পৰিণত হোৱা নগঞা শইকীয়া ভোটাই ডেকাৰ প্ৰাসংগিকতা চিৰ যুগমীয়া কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ভোটাইগাঁৱত ভোটাই ডেকাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।(Rupak Sarmah)

এই উপলক্ষে অনুষ্ঠিত এখন সভাত বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ভোটাই ডেকাৰ স্মৃতিৰ স্বাক্ষৰ হৈছে ভোটাই গাঁও। নগঞা বীৰ ভোটাই ডেকাৰ শৌর্য্য, বীৰ্য্য, সাহস, দেশপ্ৰেম, ত্যাগ আৰু জাতীয়তাবাদক লৈ আমি সদায় গৌৰবান্বিত। এইগৰাকী ইতিহাস প্ৰসিদ্ধ বীৰৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰতিমূৰ্তিৰ পৰাই উঠি অহা প্ৰজন্মই নগঞা শইকীয়া ভোটাই ডেকা সম্পৰ্কে ইতিহাস অধ্যয়ন কৰাৰ যথেষ্ট সমল লাভ কৰিব।

সমাজকৰ্মী জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত নগাঁও জিলাক পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প, ভূপেন হাজৰিকা কলা তীৰ্থ, কৰৈয়নী বাৰগঞা মন্দিৰ উন্নয়নৰ লগতে মৰিকলং বিলৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম পূৰ্ণ গতিত চলি আছে বুলি মন্তব্য কৰাৰ উপৰি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি ভাগৰ কাম অচিৰেই আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে।

অৱসৰপ্রাপ্ত শিক্ষক কমলাকান্ত বৰাই বন্তি প্ৰজ্বলন আৰু বিধায়ক ৰূপক শৰ্মাই নাৰিকল ভাঙি আধাৰশিলা স্থাপন কৰা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে দেবানন্দ গোস্বামী, ৰিন্টু দাস, লেখক গোলাপ বৰা, অনিল কুমাৰ শৰ্মা, প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰিবলগা শিল্পী লক্ষ্যজিত বৰা, সমাজকৰ্মী অশোক কুমাৰ বৰা, কুমুদ বেজবৰুৱা, কিৰণ নেওগ, বিজেপি ভোটাই-পাঠৰী মণ্ডলৰ সভাপতি ৰাতুল কুমাৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে উৰিয়াগাঁওস্থিত শ্ৰীশ্ৰীনিকামূল সত্ৰৰ ডঃ ভূপেন হাজৰিকা ৰঙ্গমঞ্চ সংলগ্ন সভাগৃহৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে আবন্তিত দহ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে।

Related Articles