ৰূপম ভূঞাৰ লাইভ মিউজিক এলবাম ‘ছায়া ছবি’ৰ মুক্তি

এয়া মই এখন মঞ্চ বুলি ক’ব খোজা নাই। এইয়া এক সাংগীতিক যাত্ৰা বুলি ক’লে ভাল হ’ব নতুবা সাংগীতিক সেতু বুলিও ক’ব পাৰি। অসমৰ বিভিন্ন ঠাইৰ পৰা সংগীত কৰি থকা কিছুমান মানুহৰ লগত আমাৰ চিন্তা মিলি যায় গতিকে আমি প্ৰতি বছৰে বেলেগ বেলেগ ব্যক্তিৰ লগত এই মিউজিক প্ৰজেক্ট আগুৱাই লৈ যাব বিচাৰো।” এই বক্তব্য ৰাখে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা সংগীত পৰিচালক ৰূপম ভূঞাই। যোৱা ১৫ ফেব্ৰুৱাৰীত মহাবাহু বহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত সংগীত শিল্পী গৰাকীৰ পৰিচালনাত ‘ছায়া ছবি চেপ্টাৰ ওৱান’ নামেৰে এক নতুন মিউজিক প্ৰজেক্টৰ শুভ উন্মোচন হয়। ছবি প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ‘ছায়া ছবিত’ চাৰিটা গীত সন্নিবিষ্ট হৈছে। প্রতিটো গীতৰ ভিডিঅ’ সহ মুক্তি দিয়া গীতকেইটা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ড° ধীৰাজ মোহন ভৰালীৰ ফাৰ্ম হাউচত লাইভ ৰেকৰ্ডিং কৰা হয়। এই ছায়া ছবি লাইভ মিউজিক প্ৰতি বছৰে কৰা হ’ব। য’ত প্ৰতি বছৰে বেলেগ বেলেগ কণ্ঠ শিল্পী, গীতিকাৰ আৰু সুৰকাৰে অংশ ল’ব।

উল্লেখযোগ্য যে সংগীত শিল্পী ৰূপম ভূঞাৰ পত্নী নলবাৰী মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ প্ৰয়াত অধ্যাপিকা মনশ্ৰী বৰুৱাৰ জন্মদিন উপলক্ষে এই মিউজিক প্ৰজেক্টৰ মুক্তি দিয়ে। ছায়া ছবিত ৰূপম ভূঞা, ত্রিদীপ বসুমতাৰী, স্বপনীল ভৰদ্বাজ, তৃবুজ্বল প্ৰকাশৰ কণ্ঠত গীতিকাৰ দীপাংক শইকীয়া, প্ৰণৱ কৃষ্ণত্ৰেয়,স্বপনীল ভৰদ্বাজ আৰু ড° বিভা দত্ত নেওগৰ কথা সন্নিবিষ্ট আছে। বাদ্যযন্ত্ৰী হিচাপে আছে অম্বৰ দাস, ৰাকেশ বাৰো, সুমিত বৰুৱা, বিৰাজ বৈশ্য। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুক্তি দিয়া এই সাংগীতিক যাত্ৰাৰ শুভক্ষণত সংগীত শিল্পী তৰালী শৰ্মা, পৰাণ বৰকটকী, মঞ্জুলা হাজৰিকা, মনিষা হাজৰিকা, দীপলিনা ডেকা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, পম্পী গগৈ, বিভূতি গগৈকে ধৰি বহুতো সাংস্কৃতিক কৰ্মী আৰু গুণ গ্ৰাহী শ্ৰোতা উপস্থিত থাকে। অনুষ্ঠানত সংগীত শিপ্লী অৰূপ জ্যোতি বৰুৱাই সঙ্গীত পৰিবেশন কৰে আনহাতে এই প্ৰজেক্টৰ লগত জড়িত সকলো সংগীত শিপ্লী আৰু কাৰিকৰী শিল্পীক সম্বৰ্ধনা জনোৱা হয়। ড° শৈলেন দাসে আঁত ধৰা এই অনুস্থানত উপস্থিত থাকি তৰালী শৰ্মা, মঞ্জুলা হাজৰিকা, মনীষা হাজৰিকা, পৰাণ বৰকটকী আৰু দীপলিনা ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰে। এই সমগ্ৰ লাইভ মিউজিক প্ৰজেক্টৰ ভিডিঅ’ পৰিচালনা আছিল অনুপৰাস দাস আৰু লাইভ ৰেকৰ্ডিঙ আছিল মকুল বৰদলৈৰ।

Related Articles