ইউক্ৰেইনৰ খাৰ্কিভত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্ত। খাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণ ৰুছ সেনাৰ। খেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণ ৰুছ সেনাৰ। খেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰ। বিগত ২৪ ঘণ্টাত খাৰ্কিভত ২১জন ইউক্ৰেইনিয়ানৰ মৃত্যু হৈছে।ইফালে তুৰস্কৰ পৰা ইউক্ৰেইনে লাভ কৰিছে বহুসংখ্যক ড্ৰ’ন।
ইউক্ৰেইনত সমুখ সমৰৰ লগতে অব্যাহত উভয় পক্ষৰ শক্তিৰ প্ৰচাৰ। জেলেনস্কীৰ দাবী – ৬ দিনত নিহত হৈছে প্ৰায় ৬ হাজাৰ ৰুছ সৈন্য। ৫,৮৪০ ৰুছ সৈন্য নিহত হৈছে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ। ‘ৰাছিয়াৰ ২২১খন টেংক, ৩০খন বিমান, ৩১খন হেলিকপ্টাৰ ধ্বংস’। ৰুছ বাহিনীৰ ৮৬২খন সশস্ত্ৰ বাহনো ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ। বিপৰীতে ৰাছিয়াৰ দাবী – ইউক্ৰেইনৰ ১৫০২ সামৰিক ঘাটি ধ্বংস। ইউক্ৰেইনিয়ান বাহিনীৰ ৪৭২খন টেংক ধ্বংস হোৱাৰো দাবী। ইফালে এখন ৰুছ T-80 টেংক নিজৰ নিয়ন্ত্ৰণলৈ নিলে ইউক্ৰেইনিয়ান সৈন্যই।