Breaking

ব্ৰিটিছ এণ্টাৰ্কটিকত বৃহৎ তেল, গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিলে ৰাছিয়াই…

0 23

ৰাছিয়াই ব্ৰিটিছ এণ্টাৰ্কটিক অঞ্চলত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ বিচাৰি পাইছে। ৰাছিয়াই প্ৰেৰণ কৰা গৱেষণাসম্পৰ্কীয় জাহাজবোৰে উত্তৰ সাগৰত প্ৰায় ৫১১ বিলিয়ন বেৰেল তেলৰ ভাণ্ডাৰ থকাৰ কথা জনাইছে। এয়া ৫০ বছৰত ৰাছিয়াই উৎপাদন কৰা তেলৰ ১০ গুণ বুলি ধাৰণা কৰা হৈছে।ইপিনে ৰাছিয়াৰ এনে তেলৰ সন্ধানে শংকিত কৰি তুলিছে ব্ৰিটিছ চৰকাৰক। ব্ৰিটিছ সাংসদসকলে সতৰ্ক কৰি দিছে যে ৰাছিয়াই তেল-গেছৰ জৰীপ চলাই ইন্ধনৰ বাবে অঞ্চলটোক শোষণ কৰিব বিচাৰিছে আৰু ড্ৰিলিং ৰিগ বহুওৱাৰ কথা ভাবিছে। ৰাছিয়াই সেই স্থানত তেলৰ খনন আৰম্ভ কৰিলে নিশ্চিতভাবে বিট্ৰেইনৰ সৈতে সংঘাত হোৱাটো সেয়ে প্ৰায় খাটাং হৈ পৰিছে।

বছৰৰ পিছত বছৰ ধৰি বৰফে ঢাকি ৰখা ব্ৰিটিছ এণ্টাৰ্কটিক এলেকাৰ তলত তেল থকা বুলি বহু বছৰৰ পৰা বিজ্ঞানীসকলে ধাৰণা কৰি আহিছে। সেই স্থানত থকা স্থানীয় প্ৰজাতিৰ প্ৰাণীবোৰৰ ভিতৰত আছে মাইট, নেমাটোড, পেংগুইন, চীল, আৰু টাৰ্ডিগ্ৰেড। ইয়াত হোৱা উদ্ভিদৰ বেছিভাগ লাইকেন বা মছৰ ৰূপত আছে। এণ্টাৰ্কটিকাৰ বৰফৰ চেল্ফবোৰ সম্ভৱতঃ ১৮২০ চনত প্ৰথমবাৰৰ বাবে দেখা গৈছিল, ফেবিয়ান গটলিব ভন বেলিংচাউজেন আৰু মিখাইল লাজাৰেভৰ নেতৃত্বত এটা ৰাছিয়ান অভিযানৰ সময়ত বৰফৰ তৰপবোৰ ধৰা পৰিছিল। বৰফৰ তৰপৰ মাজতেই তেল থকা বুলি তেতিয়াই ধাৰণা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.