Breaking

ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি প্ৰাপ্ত সকলো ভাৰতীয়ক মুকলি কৰিব ৰাছিয়াই! নৰেন্দ্ৰ মোদী-পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত…

0 27

ৰাছিয়াৰ সেনা বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক অব্যাহতি দিয়া হ’ব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ এয়া এক বৃহৎ সফলতা হিচাপেও চৰ্চিত হৈছে।জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিষয়টো উত্থাপন কৰিছিল। ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত দুই ভাৰতীয়ৰ মৃত্যুৰ পিচতে এই বিষয়টো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আশা কৰা হৈছিল । সেই অনুসৰি ভাৰতৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক বিচক্ষণ কূটনৈতিক কৌশলৰ পৰিণতি বুলিও বিশ্বাস কৰা হৈছে।

কিয়নো তেওঁ ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিছিল। অৱশেষত ৰাছিয়াই ভাৰতীয় নাগৰিকসকলক সেনা বাহিনীৰ পৰা অব্যাহতি দিয়াত বাধ্য হোৱাত জয়শংকৰৰ ৰণনীতিক সকলোৱে প্ৰশংসা কৰিছে।ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনাত যোগদান কৰিবলৈ প্ৰতাৰিত কৰা হৈছিল। জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষত ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া দুগৰাকী ভাৰতীয় নাগৰিক নিহত হয় ।জয়শংকৰে সংবাদ মাধ্যমক কৈছিল যে কেইবাগৰাকী ভাৰতীয়ক ৰাছিয়াৰ সেনা বাহিনীত নিয়োগ কৰা হৈছিল।

সেই লোকসকল ভাৰতলৈ ঘূৰি আহিলে হে সকলো কথা স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰিছিল। কিন্তু পৰিস্থিতি যিয়েই নহওঁক ভাৰতীয় নাগৰিকে যুদ্ধক্ষেত্ৰত আন এখন দেশৰ সৈন্য বাহিনীত যোগদান কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কৈছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে ভাৰতে বিষয়টোক লৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি আছে।বৈদেশিক মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ সেনা বাহিনীত সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি থকা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত প্ৰায় ১০ গৰাকী ভাৰতলৈ উভতি আহিছে৷ আনহাতে আন ২০ গৰাকী লোক এতিয়াও লাভজনক চাকৰিৰ প্ৰলোভনৰ বাবে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ হৈ যুঁজ দিয়াত নিয়োজিত হৈ আছে।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকৰ পিচত সেনা বাহিনীত নিযুক্ত ভাৰতীয়সকলক অব্যাহতি দিয়াৰ সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.