Breaking

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ…

0 26

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে। বাতৰি মতে ইউক্ৰেইনৰ এই অঞ্চলটো এতিয়াও ৰাছিয়াৰ সৈন্যৰ নিয়ন্ত্ৰণত আছে।

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ সৈন্যৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। তেওঁলোক এই আক্ৰমণটোত যথেষ্ট সফল হৈছিল। ইউক্ৰেইনৰ সৈন্যসকলে এতিয়া খেৰছনৰ ফালে আগবাঢ়িছে। ফলস্বৰূপে খেৰছন এক ‘সংঘৰ্ষক্ষেত্ৰ’ অঞ্চলত পৰিণত হৈ পৰিছে।

কেইদিনমান পূৰ্বে খেৰছনত ৰাছিয়াৰ প্ৰশাসনে অঞ্চলটোত অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। তাৰ পিছত বহুলোক গুচি গ’ল যদিও কিছুমান নাগৰিক এতিয়াও তাত আছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ নোভোস্তি-য়ে জনাইছে যে ক্ৰেমলিন পন্থী কৰ্মীসকলৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি পুটিনে কয় যে “খেৰছনত বাস কৰা সকলক আঁতৰাব লাগিব। অসামৰিক লোকসকল ভয়ংকৰ কৰ্মকাণ্ডৰ বলি হোৱাটো উচিত নহয়।”

Leave A Reply

Your email address will not be published.