Breaking

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সপ্তাহ যোৰা পুথিভঁৰাল সপ্তাহ উদযাপন

0 2,259

গ্ৰন্থগাৰ বিশ্বদৰ্শনৰ মূলদ্বাৰ এই লক্ষ্য শিৰোগত কৰি ১৯৮৫ চনৰ ২৭ জানুৱাৰীত গঠন হোৱা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই ইতিমধ্যে ৩৬ বছৰত ভৰি দিছে। ৩৬ বছৰ পুৰ্তি উপলক্ষে কালিৰ পৰা ২ ফেব্ৰুৱাৰী লৈকে ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁৰাল সপ্তাহ উদযাপন কৰা হৈছে। ৭ দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচী কালি পুৱা পতাকা উত্তোলনৰে সন্থাৰ উপ-সভাপতি হিমাদ্ৰীজ্যোতি দত্তই শুভাৰম্ভ কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, শোভাযাত্ৰা, বাটৰ নাট পৰিৱেশন আৰু ড° ভূপেন হাজৰিকা আদৰ্শ পুথিভঁৰাল মুকলি কৰা হয়। দিনৰ ১২ বজাত প্ৰাচীৰ পত্ৰিকা মুকলি কৰে প্ৰাক্তন বিধায়ক হৰেন বৰাই। গ্ৰন্থ আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ পাছত নৱ- নিৰ্মিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা‌ মুকলি মঞ্চ মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। মুকলি মঞ্চ মুকলি কৰি দিয়া ভাষণত বিধায়ক শৰ্মাই কয়- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই গ্ৰামাঞ্চলত পুথিভঁৰাল আন্দোলন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ সময়তো গ্ৰন্থৰ চাহিদা কমা নাই। গ্ৰন্থই জ্ঞান প্ৰসাৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ নৱ-প্ৰজন্মক‌ গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। বিয়লি দুই বজাৰ পৰা ভূপেন হাজৰিকা মুকলি মঞ্চত পুথিভঁৰাল সপ্তাহৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কলংপাৰ কাকতৰ মুখ্য সম্পাদক ড° আবু হানিফাই উদ্ধোধন কৰা সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতিৰ্ময় জানা আৰু সত্ৰাধিকাৰ যুগল গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পুথিভঁৰাল আন্দোলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। সভাত ৰাজনীতি বিদ তথা প্ৰাক্তন বিধায়ক বানেশ্বৰ শইকীয়া, সাহিত্যিক উপন্দ্ৰ বৰকটকি, শিক্ষাবিদ ড° খগেশ্বৰ ভূঞা সমাজকৰ্মী কাৰ্তিক সাহাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।  হিমাদ্ৰী জ্যোতি দত্তই সভাপতিত্ব কৰা আৰু সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আতধৰা সভাখনত নগাঁও জিলাৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ২৪ গৰাকী লোকক সম্বৰ্দ্ধনা জনোৱা হয়। সন্ধিয়া সাংস্কৃতিক সম্পাদিকা অনিমা বৰুৱা শৰ্মাৰ পৰিচালনাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সহকাৰী সম্পাদক দ্বয় খগেন চন্দ্ৰ নাথ আৰু দিলীপ বৰাই। সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আন কাৰ্যসূচী ক্ৰমে আজি হোজাই জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু সুৰক্ষা আৰু মহিলা সবলীকৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। কাইলৈ গোলাঘাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত বদন শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান, ৩০ জানুৱাৰীত তিনিচুকীয়া জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত জেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় সজাগতা সভা, ৩১ জানুৱাৰীত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ  উদ্যোগত যুৱ সমাৰোহ, ১ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু দৰং জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মহিলা সবলীকৰণৰ আৰু  শিশুৰ বিকাশত গ্ৰন্থৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ আৰু ২ ফেব্ৰুৱাৰীত নগাঁৱস্থ কেন্দ্ৰীয় কাৰ্যালয়ত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.