সূৰুযমুখী সাংস্কৃতিক সংঘৰ উদ্যোগত সদৌ ৰাংছালী আদৰ্শ গাঁও ৰঙালী বিহু সন্মিলন

ৰাংছালীত জনপ্ৰিয় কণ্ঠ শিল্পী গৌৰাঙ্গ ৰাগ।সূৰুযমুখী সাংস্কৃতিক সংঘৰ উদ্যোগত সদৌ ৰাংছালী আদৰ্শ গাঁও ৰঙালী বিহু সন্মিলন।ৰাংছালী আদৰ্শ গাঁওত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাঙ্গ ৰাগৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশা। ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য ।বিহালী সমষ্টিৰ ৰাংছালী আদৰ্শ ৩৮ তৰ্ম ৰঙালী বিহু মঞ্চত নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাঙ্গ ৰাগে।ৰাগৰ গীতত ককাল ঘুৰাই ঘুৰাই নাচালে হাজাৰ হাজাৰ দৰ্শকে।প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালী বিশ্বনাথৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হল ৰাংছালী ।উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰা ১লাখ ৫০ হাজাৰ টকা আৰ্থিক মাননি লাভ কৰা ৰাংছালী ৰঙালী বিহু উদযাপন সমিতি দুদিনীয়া কাৰ্যসূচীৰে ৰাংছালী ৰংঘ মঞ্চত সাংস্কৃতিক সন্ধ্যা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় কৰে।দুদিনীয়াকৈ আয়োজিত উক্ত বিহু সন্মিলনৰ সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা নিৰঞ্জন দাসে ৰাইজৰ সহায় সহযোগিতা লগতে গাৱঁৰ ৰাইজে অনুষ্ঠানটো যি শান্তিপূৰ্ণ শৃংখলা বজাই ৰাখি সফল কৰাত সহায় কৰালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে সভাপতি নিৰঞ্জন দাসে ।আনহাতে সম্পাদক হিচাপে দায়িত্ব ভাৰ লোৱা মানস প্ৰতিম হাজৰিকাই ৰাইজক ধন্যবাদ জনাই।

যোৱা নিশা সামৰণি কাৰ্য্যসূচীত অজস্ৰ বিহু প্ৰেমি ৰাইজৰ সমাগম দেখা লগতে বিহুগীতৰ চন্দ , ঢোল , পেপা , গগনাৰ সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ ৰাংছালী ।

Related Articles