দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড়,২৫ মাৰ্চ: Dr. Karbi Deka Hazarika । অসমৰ এগৰাকী বৰেণ্য কবি, গীতিকাৰ, উপন্যাসিক,সাহিত্যিক অৱসৰপ্ৰাপ্ত প্ৰধ্যাপক সাহিত্যচাৰ্য্য ড’ কৰবী ডেকা হাজৰিকাৰ জীৱনৰ ভিন্ন দিশ সামৰি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক, অভিনেত্ৰী, নাট্যকাৰ ঝৰ্ণা শইকীয়াই ৰচনা কৰা “বিন্দুতে সিন্ধু” শীৰ্ষ গ্ৰন্থখন অলপতে উন্মোচন কৰে অসম সাহিত্য সভা সভাপতি ড°বসন্ত কুমাৰ গোস্বামীয়ে। লেখিকা গৰাকীয়ে সাহিত্যিক গৰাকীৰ সামাজিক, সাংস্কৃতিক, সাহিত্যিক আৰু ব্যক্তিগত জীবনৰ সুখ-দুখ, আনন্দ-বিষাদ বোৰক বিভিন্ন সময়ত হোৱা কথোপকথন আৰু তথ্য পূৰ্ণ অভিজ্ঞতাৰ পটভূমিত ৰচনা কৰা গ্রন্থখন অসমীয়া সাহিত্য ক্ষেত্ৰ খনৰ বাবে এখন উল্লেখ যোগ্য গ্ৰন্থ হব বুলি আশা কৰা হৈছে।

গ্রন্থখনিয়ে কৰবী ড° ডেকা হাজৰিকাৰ বৈচিত্রমণ্ডিত আৰু বাৰেৰহণীয়া জীৱনৰ, মনৰ দাপোণৰ ৰং-ৰূপৰ প্ৰতিচ্ছবি প্রতিফলিত কৰিছে। অসমৰ গ্ৰন্থপ্রেমী আৰু গ্ৰন্থানুৰাগী সকলো ৰাইজক এই গ্রন্থৰ সোৱাদ ল’বলৈ সভাপতি ডাঃ গোস্বামীয়ে উন্মোচনী ভাষণত ব্যক্ত কৰে। ড° কৰবী হাজৰিকাৰ সাহিত্যিক জীৱনৰ অন্তৰালত থকা বংশানুক্রমিক সমৃদ্ধ শিপাৰ সন্ধানকে মুখ্য কৰি জীৱন যৌৱনৰ ৰমনীয় স্মৃতিৰ সুবাসক মোহনীয় ৰূপত অংকিত কৰা হৰ্ষ-বিষাদৰ চকুলোৰে ধুই নিয়া মুহূৰ্ত্তবোৰ গ্রন্থখনিত বৰ্ণিত হৈছে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু পূব বানিপুৰৰ উপাসনা কলাকেন্দ্রত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে সাহিত্যচাৰ্য্য ড° কৰবী ডেকা হাজৰিকা, সাহিত্যচার্য্য ড° ভীমকান্ত বৰুৱা, অৱসৰপ্ৰাপ্ত উপাচাৰ্য্য ড° কন্দৰ্প কুমাৰ ডেকা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ডা: শান্তনু লহকৰ, ধনভৰালী মণিৰাম লাক্ষন, ডিব্ৰুগড় জিলা সভাৰ প্ৰাক্তন সভাপতি নোমল গগৈ, বৰ্তমানৰ সভাপতি বদন গগৈ, উপ সভাপতি প্রশান্ত নেওগ, সম্পাদক ভাগ্যেশ্বৰ গগৈ, পৰমেশ্বৰ নলবৰীয়া, প্ৰশান্ত শইকীয়া, ইন্দ্ৰ গগৈ, ‘প্ৰহৰী’ৰ সম্পাদিকা দীপা গোস্বামী, বাণীপুৰ সাহিত্য সভাৰ সভাপতি অজয় দত্ত, প্রাক্তন সভাপতি দীপক কুমাৰ দত্ত, ডঃ দিব্যজ্যোতি বৰা, উপাসনা কলাকেন্দ্ৰৰ অধ্যক্ষ তৰুণ কুমাৰ গগৈৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক-গৱেষিকাৰ অন্যতম সংস্থা ‘দক্চিৰি’ৰ সদস্যবৃন্দকে ধৰি ভালে সংখ্যক সাহিত্যপ্ৰেমী। লেখিকা গৰাকীৰ এনে কৰ্মই সাহিত্যিক গৰাকীক কাম কৰাৰ বাবে প্ৰেৰণা যোগাব বুলি কৰবী ডেকা হাজৰিকাই মনৰ ভাব ব্যক্ত কৰে।