Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

মুম্বাই, ১৮ অক্টোবৰ: মুম্বাই যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী(Mumbai Traffic Police)য়ে ভাবুকি ভৰা এটা বাৰ্তা লাভ কৰিছে । বাৰ্তাত উল্লেখ থকা অনুসৰি, লৰেন্স বিষ্ণৈৰ সৈতে হোৱা বিবাদৰ অন্ত পেলাবলৈ অভিনেতা ছলমান খানক ৫ কোটি টকা দাবী জনাইছে(Salman Khan gets death threat)। আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰাজনে নিজকে লৰেন্স বিষ্ণৈ গেঙৰ সদস্য বুলি দাবী কৰিছে। হোৱাটছএপত প্ৰৰেণ কৰা বাৰ্তাটোৰ অনুসৰি, ‘দাবী কৰা ধনৰাশি আদায় নিদিলে ছলমান খানৰ ভাগ্য শেহতীয়াকৈ হত্যা কৰা প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীতকৈ অধিক ভয়াৱহ হ’ব’।

“এই বাৰ্তাক সহজভাৱে নল’ব। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে তেওঁ ৫ কোটি দিব লাগিব । যদি ধন পৰিশোধ কৰা নহয়, তেন্তে ছলমান খানে বাবা ছিদ্দিকীতকৈও বেয়া ভাগ্যৰ সন্মুখীন হ’ব লাগিব।” – এইদৰে হোৱাটছএপত প্ৰৰেণ কৰা বাৰ্তাটোত উল্লেখ কৰা আছিল। বাৰ্তা প্ৰেৰণকাৰীৰ সন্ধানত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, অভিনেতা ছলমান খান(Actor Salman Khan)ৰ এজন অন্তৰংগ বন্ধু এন চি পি নেতা বাবা ছিদ্দিকী (৬৬)ক যোৱা ১২ অক্টোবৰত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ এই গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বলীউডৰ এইগৰাকী অভিনেতাই বিষ্ণৈ গেঙৰ(Lawrence Bishnoi Gang) পৰা বিভিন্ন সময়ত ভাবুকিৰ সন্মুখীন হৈ অহাৰ লগতে যোৱা কেইমাহমানৰ পৰা টাৰ্গেট হৈ পৰিছে । যোৱা ১৪ এপ্ৰিলত বাণ্ড্ৰাস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত দুজন শ্বুটাৰে পাঁচ ৰাউণ্ড গুলীচালনা কৰিছিল । এই ঘটনাৰ কেইটামান মাহৰ পিছতে বাবা ছিদ্দিকীৰ হত্যাকাণ্ডটো সংঘটিত হয়।

মুম্বাই আৰক্ষীয়ে এই বাৰ্তাৰ উৎসৰ সন্ধানত তদন্ত চলাই থকাৰ লগতে ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ চৌদিশৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে (Salman Khan Safety) । অৱশ্যে পূৰ্বে লাভ কৰা বহুকেইটা ভাবুকিৰ পিছতে অভিনেতাগৰাকীৰ নিৰাপত্তাৰ দিশটোক লৈ মুম্বাই আৰক্ষী অধিক শতৰ্ক হৈ থকা দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, বৃহস্পতিবাৰে নৱী মুম্বাই আৰক্ষীয়ে লৰেন্স বিষ্ণৈ গেঙৰ এজন গুৰুত্বপূৰ্ণ সদস্যক গ্ৰেপ্তাৰ কৰিছিল। পানীপাটত আটক কৰা সুখা ওৰফে সুখবীৰ বলবীৰ সিঙ নামৰ এই এই সদস্যজনক ছলমান খানৰ হত্যাৰ পৰিকল্পনাৰ ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ইতিমধ্যে অভিনেতাজনৰ নিৰাপত্তাক লৈ সকলোৰে মাজত উত্তেজনা বৃদ্ধি হোৱাৰ মাজতে ছলমান খানক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে। মুম্বাই আৰক্ষীয়ে গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰতো মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত এআই সক্ষম হাই ৰিজ’লিউচন চিচিটিভি কেমেৰা সংস্থাপন কৰিছে।

লগতে পঢ়ক: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

Related Articles