২৩ মাৰ্চত মুম্বাইত মুকলি কৰা হয় ছলমান খানৰ ছবি ‘চিকান্দৰ’ৰ ট্ৰেইলাৰ। উক্ত অনুষ্ঠানটোত তাৰকা অভিনেতাৰ লগতে প্ৰযোজক-পৰিচালকসকলো উপস্থিত আছিল। ইফালে পাপাৰাজীয়ে তেওঁৰ ছবিখনৰ বিষয়ে সুধিলে ছলমানে ধেমেলীয়াকৈ উত্তৰ দিলে।(Salman Khan)
ছাজিদ নাদিয়াদৱালাৰ ছবি ‘চিকান্দৰ’ত প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব ছলমান খান আৰু ৰশ্মিকা মাণ্ডন্নাক। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে অনুৰাগীৰ কৌতুহল আৰু বাঢ়িছে। ছলমানক শক্তিশালী একচনত চাবলৈ আকৌ এবাৰ আগ্ৰহী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। ২৩ মাৰ্চ দেওবাৰে মুম্বাইত ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়।
এই সময়ত ছালমানে তাত উপস্থিত সংবাদ মাধ্যমৰ প্ৰশ্নত হাস্যকৰ উত্তৰ দিলে। অনুষ্ঠানৰ সময়ত এজন সাংবাদিকে ছুপাৰষ্টাৰগৰাকীক সুধিলে যে তেওঁৰ পৰৱৰ্তী ছবি ঈদৰ দিনা কেতিয়া মুক্তি পাব? তেতিয়া ছলমানে হাঁহি হাঁহি উত্তৰ দিলে, ‘ঈদ, দীপাৱলী, নৱবৰ্ষ, উৎসৱ হওক বা নহওক, মানুহৰ মৰম ৰৈ যায় আৰু ছবিখন ভাল হওক বা বেয়া হওক, ই ১০০ কোটিৰ সীমা অতিক্ৰম কৰে।’ ইয়াৰ লগে লগে তেওঁ কয়, ‘১০০ কোটি অতীতৰ কথা আছিল, এতিয়া ২০০ কোটিৰ যুগ!’
তাত উপস্থিত থকা সকলোৱে ছলমানৰ এই বক্তব্যত হাঁহিছিল আৰু তেওঁৰ অনুৰাগীসকলেও তেওঁৰ উত্তৰটো অতিশয় ভাল পাইছিল। ছবিখনৰ পৰিচালক হৈছে এ.আৰ. মুৰুগাডোছে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ‘চিকান্দৰ’ কোনো ছবিৰ পুনৰ্নিৰ্মাণ নহয়। তেওঁ কয় যে ছবিখনৰ কাহিনী সম্পূৰ্ণ নতুন । প্ৰতিটো দৃশ্য আৰু ফ্ৰেম বিতংভাৱে প্ৰস্তুত কৰা হৈছে যাতে দৰ্শকে নতুন অভিজ্ঞতা লাভ কৰে। ছবিখনৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে অনুৰাগীৰ উত্তেজনাও বাঢ়িছে।
অহা ২৮ মাৰ্চত ঈদত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ছলমান খানৰ ‘চিকান্দৰ’। ছলমান আৰু ৰশ্মিকাৰ উপৰিও ছবিখনত অভিনয় কৰিছে কাজল আগৰৱালা, শৰ্মান যোশী, সুনীল শেট্টী, সত্যৰাজ আৰু প্ৰতেইক বাব্বৰে।