Salman Khan Wedding: বিয়া পাতিব ছলমান খানে! কইনাৰ সন্দৰ্ভত কি ক’লে ছলমানে

বিবাহপাশত আৱদ্ধ হ’ব বলিউদৰ দাবাং অভিনেতা ছলমান খান। দাবাং অভিনেতা ছলমান খানৰ বিবাহক লৈ এতিয়া জল্পনা-কল্পনা অব্যাহত। ছলমান খানৰ বিবাহৰ খবৰ শুনি অনুৰাগীৰ মন আন্দদত নাচি উঠিছে।(Salman Khan Wedding)

৫৮ বছৰীয়া হ’ল ছলমান খানক! কেতিয়া হ’ব ছলমানৰ বিয়া, বছৰ বছৰ ধৰি এই প্ৰশ্নটো চলচ্চিত্ৰ জগতত চৰ্চাত আহিছে। কেইবাগৰাকীও বিখ্যাত অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কিন্তু কোনো এগৰাকী অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থায়ী নহ’ল। আনহাতে সংগীতা বিজলানীক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল যদিও বিয়া ভাগিল। আনকি বিয়াৰ কাৰ্ডো ছপা হৈছিল। কিন্তু শেষত সংগীতাই বিয়াখন ভাঙিলে। এজন জ্যোতিষীয়ে কয় যে অভিনেতাজনৰ বিয়া হোৱাটো অতি কঠিন। এইবাৰ ‘বিগ বছ ১৮’ৰ মঞ্চত আধ্যাত্মিক গুৰু অনিৰুদ্ধচাৰ্যই ছলমান খানক সুধিলে যে তেওঁ কেনেকুৱা পত্নী বিচাৰে?(bigg boss18)

বলীউডত সংগীতা বিজলানী, ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে সম্পৰ্কত আছিল ছলমান। কিন্তু সেই সম্পৰ্ক স্থায়ী নাছিল।(Bollywood)

এইবাৰ ‘বিগ বছ ১৮’ৰ মঞ্চত অতিথি হিচাপে আহিছে অনিৰুদ্ধচাৰ্য। এই গুৰুজন ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল। তেওঁ ক’লে, এইবাৰ আমি ছলমানৰ বাবে এজনী ছোৱালী বিচাৰিব লাগিব। কিন্তু ছলমান খানে তেওঁৰ বিবাহৰ কথা শুনি ক’লে যে নাই নাই, মোৰ আৰু প্ৰয়োজন নাই লগতে তেওঁ ক’লে মই যি গৰাকীক আপোনাৰ বাবে আনি দিম তেওঁ কেতিয়াও পলাই নাযায়। (Anirudhacharya Maharaj)

দেওবাৰৰ পৰা ছুপাৰষ্টাৰ ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ আৰম্ভ হৈছে। ‘বিগ বছ ১৮’ ৰ এটা প্ৰ’ম’ৰ ভিডিঅ’ত অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানৰ বাবে কইনা বিচৰাৰ এই ভিডিঅ’টো দেখা গৈছে।

Related Articles