Breaking

আঘাতপ্ৰাপ্ত হাত দুখনেৰে ফটো শ্বেয়াৰ কৰিলে সামান্থাই ! অনুৰাগীয়ে সুধিলে দুৰ্ঘটনা পতিত হ’ল নেকি?

0 79

বৰ্তমান বৰুণ ধাৱনৰ সৈতে ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত সামান্থা ৰুথ প্ৰভু। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰিছে, ফটোখন দেখাৰ পিছত অনুৰাগীৰ চিন্তা বৃদ্ধি পাইছে । এই ফটোখনত সামান্থাই তেওঁৰ আঘাতপ্ৰাপ্ত হাতৰ এখন ফটো শ্বেয়াৰ কৰিছে, ‘চিটাডেল’ৰ একচন ছিকুৱেন্সৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল অভিনেত্ৰীগৰাকী।

সামান্থা ৰুথ প্ৰভুৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আঘাতপ্ৰাপ্ত হাতৰ এই ফটোখন শ্বেয়াৰ কৰিছে, লগতে কেপচন দিছে, ‘Pearks Of Action’। কিছুদিন পূৰ্বে বৰুণ ধাৱনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেজেৰে তিতি থকা কপালৰ এখন ফটো শ্বেয়াৰ কৰি কৈছিল, ‘কিছি না কিছি ৰাত’। সামন্তৰ লগতে বৰুণ ধাৱনেও এইকেইদিন ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত।খবৰ ওলাইছিল যে সামান্থা অটোইম্যুন ডিজিজ মাইঅ’চাইটিছৰ চিকিৎসা চলি থকাৰ বাবে ‘চিটাডেট’ৰ অংশ নহয়। অসুস্থতাৰ বাবে বহু ছবি তেওঁৰ হাতৰ পৰা ওলাই যোৱাৰ খবৰ আহিছিল যদিও সেয়া নহ’ল। সামান্থাই এটা এটাকৈ নিজৰ সকলো প্ৰজেক্টৰ শ্বুটিং শেষ কৰাত ব্যস্ত। বৰ্তমান সামান্থা বহু পৰিমাণে মাই’চাইটিছ ৰোগৰ পৰা সুস্থ হৈ উঠিছে।

‘চিটাডেল’ৰ উপৰিও অতি সোনকালে ‘শকুন্তলাম’ ছবিত দেখা যাব সামান্থা ৰুথ প্ৰভুক। ইয়াৰ উপৰিও অনুৰাগীসকলে তেওঁৰ ছবি ‘কুছি’ৰ বাবেও অপেক্ষা কৰি আছে, য’ত তেওঁক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দেখা যাব।

Leave A Reply

Your email address will not be published.