Breaking

ছামিউল তুমি য’তে নাথাকা কিয়, তুমি ঘৰলৈ উভতি আহাঃ পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ…

0 19

কোন দিশে আজিৰ নৱ প্ৰজন্ম! পিতৃয়ে শাসন কৰাৰ বাবে ঘৰৰ পৰা ওলাই গ’ল পুত্ৰ। এতিয়া পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ। তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা পুত্ৰক বিচাৰি নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে। যোৱা শুক্ৰবাৰৰ পৰা চাপৰৰ শিঙাৰপাকৰ বাসিন্দা ছানোৱাৰ হুছেইনৰ পুত্ৰ ছামিউল হুছেইন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হৈ আছে।

বিগত তিনিদিন ধৰি চাৰিওফালে পুত্ৰক বিচাৰি হাবাথুৰি খাইছে যদিও কোনো সুংসূত্ৰ পোৱা নাই পিতৃ-মাতৃয়ে। উপায়হীন হৈ অৱশেষত পিতৃয়ে চাপৰ আৰক্ষী থানাত এখন নিৰুদ্দেশ হোৱাৰ জাননী দিয়াৰ লগতে সংবাদমাধ্যমৰ কাষ চাপে। সংবাদমাধ্যমৰ জৰিয়তে পুত্ৰক ঘৰলৈ উভতি আহিবলৈ কোৱাৰ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰ গৰাকীক প্ৰত্যক্ষ কৰে তেন্তে 6001349059 নম্বৰ নাইবা চাপৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.