বিজনী আৰু সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত নোৱাগাঁৱত বিদ্যুৎ বিভাগৰ নমুনা

বিজনী আৰু সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত নোৱাগাঁৱত বিদ্যুৎ বিভাগৰ নমুনা। উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত প্ৰতি ১০ ফুট দূৰত্বত ১০ টাকৈ জোৰা ।যিকোনো মুহুৰ্ততে সংগঠিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা। কেৱল বিদ্যুৎ মাচুলহে বৃদ্ধি কৰে কিন্তু বিদ্যুৎ বিভাগৰ কোনো উন্নতি নোহোৱাৰ অভিযোগ ৰাইজৰ। ২০-৩০ বছৰ পুৰণা তাঁৰেৰে চলিছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ। কেইবাটাওঁ ঠাইত বাহঁৰ খুটাৰে সংযোগ দিছে বিদ্যুৎ।

কিছুমান ঠাইত হাতেৰে চুব পৰা অৱস্থাত আছে উচ্চ ক্ষমতা সম্পন্ন তাঁৰ সমূহ। যাৰ বাবে শংকাত ভুগিছে স্থানীয় ৰাইজ। শৌলমাৰীত দুটা আৰু নোৱাগাঁৱত ট্ৰান্সফৰ্মাৰৰ উন্মুক্ত ৰূপে জীৱন কাঢ়িব পাৰে বহুতৰে। বিদ্যুৎ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক বিভাগটোৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।

Related Articles