Breaking

Sankor jyoti Baruah: আছুৰ মজিয়াত খলকনি! শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ সমুজ্জল ভট্টাচাৰ্যৰ

26

শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ। এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইয়াৰ পিছতে বিভিন্ন মহলাত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।(Samujjal Bhattacharya advises Sankor Jyoti Baruah to retire from AASU)

শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ। এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইয়াৰ পিছতে বিভিন্ন মহলাত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।(Samujjal Bhattacharya advises Sankor Jyoti Baruah to retire from AASU)আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিতৰ্ক সন্দৰ্ভত আজি সংবাদমেল পাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।(aasu general secretary sankor jyoti baruah)

মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই সংবাদমেলত কয় যে শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বাবে এক ৰাজহুৱা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। এই বিষয় সন্দৰ্ভত কালি আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা আৰু মই আলোচনাত মিলিত হৈছিলোঁ। আলোচনাত মিলিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মা আৰু মই অব্যহতি আৰু চুটি লবলৈ আহ্বান জনাইছোঁ।আমি আসা কৰিছোঁ তেখেতে গোটেই বিযয়টোত ইতিবাচকভাৱে সহাঁৰি জনাব।আৰু অতি সোনকালে সদৌ অসম ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে কালি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো বুলিও কয়।

শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি কৈছিল, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

আনহাতে আজি শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়ে মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই।

Comments are closed.