Breaking

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ঢেকীয়াজুলিত সনাতনী বীৰ হিন্দু সেনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত…

0 18

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আজি ঢেকীয়াজুলিত সনাতনী বীৰ হিন্দু সেনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে বাংলাদেশৰ ছাত্ৰ আন্দোলনে এতিয়া সিংহাত্বক ৰূপ ধাৰণ কৰিছে৷বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাই পদত্যাগ কৰাৰ পিছতে বৰ্তমান বাংলাদেশত অৰাজকতাৰ সৃষ্টি হৈছে৷বাংলাদেশৰ ছাত্ৰ আন্দোলনে সিংহাত্বক ৰূপ ধাৰণ কৰাত বৰ্তমান বাংলাদেশৰ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে৷ছাত্ৰ আন্দোলন ক্ৰমাৎ এতিয়া সিংহাত্বক আন্দোলনত পৰিনত হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমান একাংশ আন্দোলনকাৰীৰ লক্ষ্য হৈ পৰিছে

বাংলাদেশৰ সংখ্যালঘু অমুছলমান সকল৷বাংলাদেশত এতিয়া হিন্দু,বৌদ্ধ,জৈন,খ্ৰীষ্টান তথা অমুছলমান লোকসকলৰ ওপৰত কটামৰা,মহিলা সকলৰ ওপৰত শাৰিক,মানষিক নিৰ্যাতনৰ লগতে শিশু সকলৰ গণতান্ত্ৰিক অধিকাৰ খৰ্বকৰি অত্যাচাৰ চলাই বৰ্বৰ ভাবে হত্যা কৰা হৈছে৷ইয়াকেলৈ আজি ক্ষোভিত হৈ পৰিছে সনাতনী বীৰ হিন্দু সেনা৷ সেয়েহে বাংলাদেশত হিন্দু অৰ্থাৎ অমুছলমান সকলৰ ওপৰত হোৱা বৰ্বৰ অত্যাচাৰ বন্ধ কৰাৰ দাবীত আজি ঢেকীয়াজুলিত

সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ নেতা মিঠুন সেন আৰু মণিকণ দাসৰ নেতৃত্বত সংগঠনটোৰ নেতাকৰ্মী সকলে ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাংলাদেশী জেহাদীৰ পুত্তলিকা দাস কৰি বিভিন্ন শ্ল’গান দি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰে৷লগতে বাংলাদেশত থকা অমুছলমান সংখ্যালঘু সকলক সুৰক্ষা দিয়াৰ দাবী জনায়৷

Leave A Reply

Your email address will not be published.