ৰাজ্যত এতিয়া অব্যাহত আছে বালিৰ চিণ্ডিকেট

ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী নিত্য বজাৰত অবৈধ ভাৱে বালি কঢ়িওৱা ৩খন ট্ৰেইলাৰ জব্দ।বহলপুৰ বন বিভাগৰ কাৰ্যলয়ৰ অধীনস্থ ৰাখালঠাকুৰ বন বিভাগে জব্দ কৰে অভাৰলডিং ট্ৰেইলৰ কেইখন।বাসুগাঁৱৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে ট্ৰেইলাৰ কেইখন।জব্দকৃত ট্ৰেইলৰ কেইখনৰ নম্বৰ NL O1 G5096, NL01 G9502, আৰু PB03 Y7977 দীৰ্ঘদিন ধৰি উক্ত পথছোৱাৰে ট্ৰেইলৰেৰেৰে অবৈধ ভাৱে শিল-বালি কঢ়িওৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।ঘটনা সন্দৰ্ভত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় মুখ্য সম্পাদক ৰহিবুল সেখে বঙাইগাঁও জিলা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা লবলৈ আহ্বান জনায় অন্যথাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আনহাতে জানিব দিয়া মতে উক্ত ট্ৰেইলাৰ কেইখনত অনা বালিখিনি  LNT নামৰ এটা  কোম্পানিৰ আৰু এই বালিখিনি বাসুগাঁওৰ পৰা ধুবুৰীৰ আদাবাৰীত লৈ গৈ অছিল

Related Articles