সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মানিকপুৰৰ ২নং বালাৰচৰ গাৱৰ আবুল কালাম আজাদৰ জীয়ৰী ছানিয়াৰা খাতুন। আৰ্থিক দৈন্যতাৰ মাজতো প্ৰৱল ইচ্ছা থাকিলে যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় সেই কথা প্ৰমাণ কৰিলে ছানিয়াৰাই। ছানিয়াৰা অতিকৈ পিছ পৰা অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। মাক দেউতাক বা বেতৰ কাম কৰি পৰিয়াল চলায়। ছানিয়াৰাই নিজেও বা বেতৰ সামগ্ৰী তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰে। ঘৰত শিক্ষাৰ পৰিবেশ নাই বুলিয়েই কব পাৰি। এটা জুপুৰি ঘৰত লেমৰ পোহৰত লিখা পঢ়া কৰিছে ছানিয়াৰাই। এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি ১ম বিভাগত উত্তীৰ্ণ হৈ অঞ্চললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বা বেতৰ শিল্পৰ লগত জড়িত হৈ পৰিয়ালক সহায় কৰাৰ সমান্তৰালকৈ নিজৰ লিখা পঢ়াতো মনোযোগ দিছিল। ভৱিষ্যতে চিকিৎসক হবলৈ সপোন দেখিছে ছানিয়াৰাই।
পিছে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবলৈ আৰ্থিক সহায় পাবনে ছানিয়াৰাই সেয়া এক বহুমুলীয়া প্ৰশ্ন।