বাৰে বাৰে চৰ্চালৈ আহিছে সঞ্জয় দত্তৰ ব্যক্তিগত জীৱন। তেওঁৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এখন বায়’পিক ‘সঞ্জু’। সঞ্জয়ক ঘেৰি ধৰিছে বহু মহিলাই। (Sanjay Dutt) মহিলা, উগ্ৰপন্থী, কেতিয়াবা ড্ৰাগছৰ বাবেও তেওঁ বিতৰ্কৰ সন্মুখীন হৈছে। সম্প্ৰতি তৃতীয় পত্নী মন্যতা দত্তৰ সৈতে বাস কৰি আছে অভিনেতাগৰাকী। কিন্তু এটা সময়ত সঞ্জয়ে দীপিকা পাডুকনকো বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
‘দীপিকা মোৰ চতুৰ্থ পত্নী হ’ব পাৰিলেহেঁতেন’। দীপিকা পাডুকনক লৈ বিতৰ্কিত মন্তব্য সঞ্জয় দত্ত। সম্প্ৰতি তৃতীয় পত্নী মন্যতা দত্তৰ সৈতে বাস কৰি আছে অভিনেতাগৰাকী। কিন্তু এটা সময়ত সঞ্জয়ে দীপিকা পাডুকনকো বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
এটা সাক্ষাৎকাৰত সঞ্জয়ে নিজেই কৈছিল যে তেওঁ অলপ সৰু হ’লে দীপিকা তেওঁৰ চতুৰ্থ পত্নী হ’লহেঁতেন।অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য্যৰ প্ৰতি তেওঁৰ মোহ। এক সাক্ষাৎকাৰত সঞ্জয়ক সোধা হৈছিল, ‘খাল নায়ক’ ছবিৰ ‘চোলি কে পিচে’ গীতটোত মাধুৰীৰ সলনি তেওঁ কাক চাব বিচাৰিব? লগে লগে অভিনেতাজনে দীপিকাৰ নাম ল’লে। তেওঁ ইয়াতেই থমকি ৰ’ল। সঞ্জয়ে দীপিকাক প্ৰশংসা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁ ক’লে যে অলপ সৰু হ’লে দীপিকাক বিয়া কৰালোহেঁতেন।
সঞ্জয়ৰ সাক্ষাৎকাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। অভিনেতাগৰাকীৰ এই মন্তব্য তেওঁৰ অনুৰাগীসকলে বৰ বেছি ভাল পোৱা নাছিল।
মন কৰিবলগীয়া যে সঞ্জয়ৰ প্ৰথম পত্নী ৰিচা শৰ্মা। ১৯৯৬ চনত ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত ১৯৯৮ চনত সঞ্জয়ে বিমান পৰিচাৰিকা ৰিয়া পিল্লাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেই সম্পৰ্কটোও স্থায়ী নহ’ল। ২০০৮ চনত তেওঁলোকে বিচ্ছেদৰ পথত আগবাঢ়িছিল। সেই বছৰতে সঞ্জয়ে মন্যতাক বিয়া কৰাইছিল।