Breaking

Srimanta Sankardeva Krishti Kendra in three namghars of Shillong.শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি আৰু আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন শ্বিলঙৰ তিনিটাকৈ নামঘৰত চলি আছে ভাদ মাহৰ এমহীয়া নাম প্ৰসংগ

20

Shillong

অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা বৃহত্তৰ শ্বিলং চহৰত মহাপুৰুষ দুজনাৰ , সৃষ্টিৰাজি, আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে ।

Shillong

আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ৭৫ বছৰত ভৰি দিয়া উপলক্ষে এইবেলি মহাৰজত জয়ন্তী বৰ্ষ পালন কৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই ।

Shillong

আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও ২৪ আগষ্টত মহাপুৰুষ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি আৰু ২৬ আগষ্টত ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰে । তেনেদৰে অহা ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি আৰু অহা ১২ অক্টোবৰত আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ আয়োজন কৰিছে ।

Shillong

কৃষ্টি কেন্দ্ৰৰ সভাপতি শোণিত tpকুমাৰ ফুকন আৰু সাধাৰণ সম্পাদক হৰেন্দ্ৰ তালুকদাৰে জানিবলৈ দিয়া মতে অহা ৪ ছেপ্তেম্বৰত দিবা – নৈশ কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । তেনেদৰে অহা ১২ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন কৰা হব ।

Shillong

আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ ডঃ পৰাগ নাথক সভাপতি , যুগল শৰ্মাক সম্পাদক আৰু বিকাশ বৰাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি জ্যোতি মজুমদাৰক সভানেত্ৰী , কেশৱ চন্দ্ৰ শইকীয়াক সম্পাদক আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে ।

Shillong

উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ , লাবানস্থিত লাবান অসমীয়া নামঘৰ আৰু বিষ্ণুপুৰস্থিত কৃষ্টি কেন্দ্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম ।

Shillong

অৰ্থাৎ প্ৰায় তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ চৌহদ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি বৰ্ণালী হাজৰিকা , সঞ্জিমা চলিহা ওজা, দ্বিজেন মহন্ত , উত্তৰ পূব পৰিষদৰ জ্যেষ্ঠ অভিযন্তা মনেশ্বৰ কলিতাকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে ।

লগতে পঢ়কhttp://তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই…

উল্লেযোগ্য যে শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে – গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ প্ৰখ্যাত মহিলা নামতি দল হিচাপে পৰিচিত জ্ঞানমালিনী বিকশিত মহিলা দলে ২০১৮ আৰু ২০২২ চনত তাত গৈ নাম পৰিবেশন কৰি শ্বিলংবাসী অসমীয়া সমাজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

Comments are closed.