Breaking

সাপকাটা আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ ৪ টা গৰু জব্দ

0 48

গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই গোপন খৱৰৰ ভিক্তিত আজি পূৱা অসম-বংগ সীমান্তৰ পাকৰীগুৰি গাঁৱৰ পৰা বহিঃৰাজ্যৰ পৰা চোৰাংকৈ আমদানিকৃত চাৰিটা উন্নত জাতৰ বলধগৰু আটক কৰে।

অতি ভিতৰুৱা গাঁও খনৰ জংঘলত লুকুৱাই ৰখা গৰুসমুহ সযোগ বুজি অসমত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল চোৰাং গো সৰবৰাহকাৰীৰ।আৰক্ষীয়ে এই খৱৰ লাভ কৰি চাৰিটা গৰু জব্দ কৰে যদিও কোনো মানুহক আটক কৰিবলৈ সক্ষম হোৱা নাই।

আটক কৰা গৰু কেইটা খোজকঢ়াই ঘটনাস্থলিৰ পৰা সাপকাটা আৰক্ষী চকীলৈ আনি গৰু কেইটা শ্ৰীৰামপুৰ স্থিত খোৱাৰত পঠিয়াই সাপকাটা আৰক্ষীয়ে তদন্ত অবাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.