‘স্বপ্নে নাহি হকিকট বনতে’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিকলৈ দেশৰ আঠটা ভাষাত ছবি মুকলি…

২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰণকৌশল নিৰ্দাৰণ কৰিছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে তামিল, তেলেগু, মালায়ালম, কানাড়া, অসমীয়া, ওড়িয়া, বঙালী আৰু হিন্দীকে ধৰি আঠটা ভাষাত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ (পিএমএমৱাই) ওপৰত আধাৰিত এখন ছবি মুকলি কৰে। বিজেপিৰ অফিচিয়েল ছ’চিয়েল মিডিয়া চেনেলৰ জৰিয়তে উন্মোচন কৰা ছবিখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰাৰ পিছত জনতাৰ ব্যাপক মনোযোগ আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। আঠটা ভাষাত কৰা ছবিত বিগত বছৰবোৰত মোদীৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ চৰকাৰী নীতিবোৰৰ কথা প্ৰদৰ্শন কৰা হৈছে। বিজেপিয়ে ২৫ জানুৱাৰীত আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে “মোদী কো চুন্তে হে্য” শীৰ্ষক এক নতুন শ্ল’গানেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এই অভিযান আৰম্ভ কৰা হৈছিল। দলৰ সভাপতি জে পি নাড্ডাই ২ মিনিট, ১০ ছেকেণ্ডৰ এটা ভিডিঅ’ত থীম সংগীতটো মুকলি কৰিছিল, “স্বপ্নে নাহি হকিকট বনতে হে, তভি তো চব মোদী কো চুন্তে হে।”

বিজেপিয়ে প্ৰথমবাৰৰ বাবে ভোটাৰ সন্মিলনৰ জৰিয়তেও প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। এটা মিউজিক ভিডিঅ’ মুকলি কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে কেনেদৰে কোটি কোটি ভাৰতীয়ৰ সপোন আৰু আকাংক্ষাক বাস্তৱত পৰিণত কৰিছে সেয়া প্ৰদৰ্শন কৰা হৈছে। “স্বপ্নে নাহি “ৰ ছবিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কামৰ কথা কোটি কোটি লোকৰ মাজলৈ লৈ যোৱা হ’ব। এই প্ৰচাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি পূৰণৰ বিষয়ত বিশেষ আলোকপাত কৰা হৈছে। মোদীৰ এই নীতিসমূহ হৈছে মুদ্ৰা যোজনা, জন ধন যোজনা, উজ্জ্বলা যোজনা, ইউপিআই-ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা। বিজেপিয়ে কৈছে যে মুদ্ৰা আঁচনিৰ ফলত ৪৪ কোটিতকৈও অধিক লোকক বন্ধকী-মুক্ত নগদ ঋণ প্ৰদান কৰা হৈছে। যিয়ে কোটি কোটি উদ্যোগীক সাহস প্ৰদান কৰিছে, যাৰ ৭০ শতাংশই মহিলা।

Related Articles