Breaking

Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে

26

শৰণীয়া-কছাৰীৰ জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদানত বাধা হৈছে কোন? প্ৰমোদ-হাগ্ৰামাই বিৰোধিতা কৰাৰ পিছত শৰণীয়া কছাৰী(Sarania-Kachari Tribe)ক ন্যায় প্ৰদানৰ সদিচ্ছা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ।

দৈনন্দিন বাৰ্তা, ২০ ছেপ্টেম্বৰঃ নানা জাতি উপজাতিৰে গঢ়া বৃহত্তৰ অসমীয়া সমাজ। এই বৃহত্তৰ অসমীয়া সমাজৰ সৈতে মিলি যাবলৈ কৰা সদিচ্ছাৰ বাবেই যেন অসমৰ এটা অতি প্ৰাচীন লোকসমষ্টি শৰণীয়া কছাৰীসকল(Sarania-Kachari tribe in Assam) আজিও প্ৰাপ্য অধিকাৰৰ পৰা উপক্ষিত হৈ আহিছে। অসমত মূলতঃ বড়ো, ৰাভা সম্প্ৰদায়ৰ লোকসকৰেই ঐতিহাসিকভাবে এটা অংশ শৰণীয়া কছাৰী লোকসকল। তেওঁলোকৰ মাজৰে বহুতে গাৰো সম্প্ৰদায়ৰো অন্তৰ্গত।

ইতিহাসৰ তথ্য অনুসৰি শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী ঠালৰ এটা জনগোষ্ঠী ।১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাণ, মটক, তিৱা-লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহি আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় লোকসমষ্টি(Ethnic communities in Assam) ।

এটা সময়ত তেওঁলোকৰ মাজৰে বহুতে বৈষ্ণৱত শৰণ লৈ শৰণীয়া হৈছিল । শ শ বছৰ আগৰে পৰাই বৃহত্তৰ অসমীয়া জাতিসত্বাত বিলীন হোৱা শৰণীয়া কছাৰীৰ বহুলোকে আজিও দাস, বৰদলৈ, আদি উপাধি লিখি আহিছে। বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাও এগৰাকী শৰণীয়া কছাৰী সম্প্ৰদায়ৰ লোক । কিন্তু পৰিতাপৰ কথাটো হৈছে অসমৰ বড়োকে ধৰি আন জনজাতিলোকসকলে জনজাতিৰ প্ৰমাণ পত্ৰ এখন সহজে লাভ কৰে যদিও শৰণীয়া কছাৰীৰ লোকসকলে আজিও জনজাতিৰ প্ৰমাণ পত্ৰ(ST certificates) এখন সহজে লাভ কৰিবলৈ সক্ষম নহয় । বহুতে উত্থাপন কৰা অভিযোগ অনুসৰি এইক্ষেত্ৰত বাধা হিচাবে থিয় হৈছে অসম চৰকাৰ আৰু ট্ৰাইবেল সংঘৰ দৰে সংস্থাসমূহে।

দেশৰ বিভিন্ন ৰাজ্যত এনেধৰণৰ ঐতিহাসিকভাবে জনজাতিৰ শ্ৰেনীত থকা বহু সম্প্ৰদায়ক সেইসমূহ ৰাজ্যৰ চৰকাৰে সন্মান সহকাৰে জনজাতিৰ সকলো সুবিধা প্ৰদান কৰিছে। এইক্ষেত্ৰত শৰণীয়া কছাৰীসকলে কেৱল মাত্ৰ জনজাতিৰ প্ৰমাণ পত্ৰ খনৰ বাবে কিয় ইমান সংগ্ৰাম কৰিবলগীয়া হৈছে বুলি বিভিন্ন জনে প্ৰশ্ন কৰিছে।

এই সন্দৰ্ভত দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা যোগাযোগদ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস কছাৰী(Advocate Manas Kachari)ৰ সৈতে। মানস কছাৰীয়ে কয় যে শৰণীয়া কছাৰী সম্প্ৰদায়ৰ লোকসকলৰ বহুতে এতিয়া বছৰ বছৰ ধৰি লিখি অহা উপাধিৰ বাবেই জনজাতিৰ প্ৰমাণ পত্ৰ লাভত অসুবিধাৰ সন্মুখীন হৈছে। শৰণ লোৱাসকলেই শৰণীয়া আৰু তেওঁলোকৰ মাজৰে বহুতে আজিও দাস, বৰদলৈ বৰুৱা, বৰা হাজৰিকা আদি উপাধি গ্ৰহণ কৰি আছে। উপাধি বেলেগকৈ লিখা বাবেই তেওঁলোক জনজাতি নহয় নেকি বুলিও প্ৰশ্ন কৰে কছাৰীয়ে।

কছাৰীয়ে লগতে কয় যদি কেৱল উপাধি চাই কোন জনজাতিৰ লোক হয়, কোন জনজাতিৰ নহয় সেয়া নিৰ্ধাৰণ কৰা উচিত নহয়। জনজাতিৰ প্ৰমাণ কৰিব পৰাকৈ বহু শৰণীয়া কছাৰী লোকৰ ভূমিৰ নথি নাই বুলি উল্লেখ কৰি শৰণীয়াই কয় যে, শ শ বছৰ ধৰি অসমত থকা শৰণীয়া কছাৰীসকলৰ বহুতৰে ভূমিৰ নথি আদি নাই। ফলত একেটা পৰিয়ালতে থকা এজন ভায়েকে যদি জনজাতিৰ প্ৰমাণপত্ৰ পাইছে, আন এজন ভায়েকে আকৌ পোৱা নাই। এইক্ষেত্ৰত চৰকাৰে এটা সহজ পদ্ধতি অৱলম্বন কৰা উচিত বুলিও তেওঁ কয়।

ইপিনে এটা সূত্ৰই প্ৰকাশ কৰা মতে হাগ্ৰামা মহিলাৰী(Hagrama Mohilary) আৰু প্ৰমোদ বড়ো(Pramod Boro)ই শৰণীয়া কছাৰীসকলক জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদানত সদিচ্ছা প্ৰকাশ কৰা নাই। এই কথাই অসমৰ এটা প্ৰচীন লোকসমষ্টিক বিভিন্ন দিশৰ পৰা অৱহেলিত কৰি আহিছে । কিন্তু এনে সময়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে(Assam Legislative Assembly Speaker Biswajit Daimary) শৰণীয়া কছাৰী লোকসকলে জনজাতিৰ প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰত ভুগি অহা অসুবিধা দূৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

শৰণীয়া কছাৰীৰ লোকসকলে এতিয়া নিজৰ প্ৰাপ্যৰ বাবে বিশ্বজিত দৈমাৰীৰ ওপৰতে নিৰ্ভৰ কৰিছে। উল্লেখ্য ১৮ ছেপ্টেম্বৰত শৰণীয়া কছাৰী সাহিত্য সভা আৰু শৰণীয়া ছাত্ৰ সন্থাই আয়োজন কৰা এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি্ হিচাবে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী । অধ্যক্ষগৰাকীৰ জড়িয়তেই শৰণীয়া কছাৰী সাহিত্য সভা আৰু শৰণীয়া ছাত্ৰ সন্থাই ছদফীয়া এখন স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ( Chief Minister Himanta Biswa Sarma) প্ৰেৰণ কৰে ।

অসমৰ এটা প্ৰাচীন লোকসমষ্টিৰ এনে দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী শৰ্মাই গুৰুত্ব আৰোপ কৰিলে নিঃসন্দেহে অসমৰ এটা প্ৰাচীন লোকসমষ্টিয়ে ন্যায় পাব বুলি বহুতে আলোচনা কৰিছে । লগতে বহুতে এইবুলিও কৈছে যে, ২০২৫ৰ পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনতো অসমৰ লাখ লাখ শৰণীয়া কছাৰী লোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিজেপিয়ে সেয়ে শৰণীয়া কছাৰীৰ লোকসকলৰ প্ৰতি গুৰুত্ব দিয়াটো সমীচিন হ’ব বুলি কৰিছে চৰ্চা। এইক্ষেত্ৰত বিশ্বজিত দৈমাৰীৰ সদিচ্ছাকো বহুতে আদৰণি জনাইছে ।

Comments are closed.