ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত ‘সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’

ধাৰাষাৰ বৰষুণ; কিন্তু তাৰ মাজতই প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত যোৱাকালি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয় ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান। কালি বিয়লিৰ ফালে অনুষ্ঠিত হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে।

‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু প্ৰকল্প সন্ময়কাৰী বিনীত ৰাৱাত, অসমৰ প্ৰকাশন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ ধুবুৰী জিলা সমিতিৰ সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত স্থানীয় শিল্পীসকলে মঞ্চস্থ কৰে ‘সীমান্ত’ নামৰ নাটক এখন। ইয়াৰ পিছতেই আৰম্ভ হয় ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ আৰু নিশা প্ৰায় ৯–৩০টা মান বজাত ‘সৰহদ কো স্বৰাঞ্জলি’ৰ এক বৰ্ণিল সন্ধিয়াৰ অন্ত পৰে।

Related Articles