হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মাক সম্বৰ্ধনা টি চি বিদ্যালয়ৰ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী নিশা শৰ্মাক আজি বিদ্যালয় খনে সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান লাভ কৰি ৰাজ্য তথা বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।নিশা শৰ্মাক পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাই সম্বোধন কৰা অনুষ্ঠানত সহ শিক্ষয়ত্ৰী দেৱাহুতি শইকীয়া, সৰোজ কুমাৰী কাকতি, বৰষা দাস,ৰিংকী শইকীয়া , অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী দাস,মাকণ হালৈ, পুৰ্ণিমা তালুকদাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখযোগ্য নিশাই এই বিদ্যালয়খনৰ পৰাই ক খ অ আৰে শিক্ষা গ্ৰহণ কৰিছিল । সেইবাবে উত্তীৰ্ণ হোৱাৰ খবৰ পোৱাৰ পিছতেই বিদ্যালয় খনত উপস্থিতহৈ শিক্ষা গুৰু সকলৰ আশীৰ্বাদ গ্ৰহণ কৰে । পিতৃ অশ্বিনী শৰ্মা, মাতৃ গিতান্জলী শৰ্মাৰ কন্যা নিশা শৰ্মাক লৈ বহুত আশা বুলি মন্তব্য কৰি আগন্তুক দিনবোৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছে শৰ্মাই।

Related Articles