লাহৰীঘাটতো ষট পূজা ওলহ মালহেৰে উদযাপন

সমগ্র ভাৰত বৰ্ষৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাটতো বিহাৰী হিন্দু লোক সকলে  লাহৰীঘাটৰ শিৱ মন্দিৰৰ ঘাটত কেবা শতাধিক বিহাৰী হিন্দু ভক্তপ্ৰাণ পৰিয়ালে সূৰ্য দেৱতাক সন্তোষ্ট কৰিবৰ বাবে ষট পূজা ওলহ মালহেৰে সম্পন্ন কৰে। ষট পূজা অৱশ্যে আগদিনা সূৰ্য ডুব যোৱাৰ আগত আৰু পিছদিনা সূৰ্য উদয় হোৱাৰ সময়ত ভক্ত সকলে নিজৰ মনোকামনা পূৰণ হোৱাৰ বাবে সূৰ্য দেৱতাক আৰাধনা কৰে। বিশেষকৈ ষট পূজাত বাৰেবৰণৰ ফলমূলৰ লগতে কুঁহিয়াৰ আৰু বাকি পূজাৰ সমগ্র প্ৰয়োজনীয় সামগ্রী আদি ব্যৱহাৰ কৰা হয়। অৱশ্যে এই ষট পূজা আজি দোকমোকালিতো অনুষ্ঠিত হয়   কাৰণ সূৰ্য উদয়ৰ লগত সান্নিধ্য আছে বুলি ভক্ত সকলে জনাইছে। 

Related Articles