চতিয়াৰ অৱসৰী কৃতী শিক্ষক লীলা হাজৰিকাৰ মৃত্যু

বিশ্বনাথ জিলাৰ চতিয়াৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লীলা হাজৰিকাৰ আজি পুৱতি নিশা ৪.৩০ বজাত মৃত্যু হয়। উল্লেখ্য যে মাত্ৰ ৪ দিন পূৰ্বে তেখেতৰ পত্নী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী স্বৰ্ণলতা হাজৰিকাৰ মৃত্যু হৈছিল। বহুদিন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হাজৰিকাই ভেলৌগুৰি মজলীয়া বিদ্যালয়ত সুদীৰ্ঘকাল শিক্ষকতা কৰাৰ উপৰিও নাগশংকৰ আৰু চতিয়া মজলীয়া বিদ্যালয়তো শিক্ষাদান কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাইছিল। ইয়াৰোপৰি অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপেও তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ যায়। ১৯৪১ চনত জন্মলাভ কৰা এইগৰাকী সমাজকৰ্মী এসময়ত মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি আছিল।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজ তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অৱসৰী শিক্ষক বাণেশ্বৰ বৰাই আঁতধৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাগশংকৰ জিলা পৰিষদৰ সদস্য ভবেশ বৰুৱা, বিজেপি চতিয়া মণ্ডল, ভেলৌগুৰি মজলীয়া বিদ্যালয়, মধ্য নাগশংকৰ গাঁও পঞ্চায়ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ’লাল সোণাৰী প্ৰাথমিক, আলোক, নাগশংকৰ ক্ৰীড়া সন্থা, চতিয়া সাহিত্য সভা, শ’শাল সোণাৰী গাঁও উন্নয়ন সমিতি, মহিলা সমিতি, এচ, চি মৰ্চা, চতিয়া, দেউৰি গাঁও উন্নয়ন সমিতি, ক্ৰীড়া ভাৰতী, বিশ্বনাথ, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, অসমীয়া সাহিত্য সন্মিলনী, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে প্ৰমুখ্যে কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন পৰে। মৃত্যুৰ সময়ত তেখেতে দুটি পুত্ৰ, এগৰাকী জীয়ৰী, দুগৰাকী বোৱাৰী, নাতি-নাতিনীৰে ভৰা সংসাৰ এৰি থৈ যায়। বিশিষ্ট সমাজকৰ্মী লীলা হাজৰিকাৰ মৃত্যুত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শোক প্ৰকাশ কৰে।

Related Articles