Breaking

৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়ঃ দিল্লী চৰকাৰ

0 116

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এসপ্তাহতকৈ অধিক সময় ধৰি বায়ু প্ৰদূষণ কমা নাই। প্ৰদূষণৰ পৰা কোনো ধৰণৰ ৰেহাই পোৱা নাই জনসাধাৰণে। সেয়ে নতুন দিল্লীত বিদ্যালয়ত শীতকালীন বিৰতিৰ কথা নিৰ্দেশনাৰ দৰিয়তে জানিবলৈ দিছে চৰকাৰে।

১০দিনীয়া শীতকালীন বন্ধ ডিচেম্বৰৰ পৰিবৰ্তে নৱেম্বৰতে দিয়া হৈছে। দিল্লী চৰকাৰে ৯পৰা ১৮ নৱেম্বৰলৈ আগতীয়াকৈ শীতকালীন বিৰতি ঘোষণা কৰিছে।

দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ বুধবাৰে ‘গুৰুতৰ’শিতানত ৰেকৰ্ড কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানীত একিউআইৰ উচ্চ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ বন্ধৰ দিন বঢ়াই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.