Breaking

প্ৰতি জিলাত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী

0 16

ইলোৰা বিজ্ঞান মঞ্চৰ ২০ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী প্ৰতিখন জিলাতে অনুষ্ঠিত হব । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্রতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে চলিত মাহৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলাত পর্যায়ক্রমে অনুষ্ঠিত কৰা হৈছে এই প্রদর্শনী । এক সংবাদমেলত বিষয়ববীয়াই প্রদর্শনীৰ বিভিন্ন দিশ সন্দৰ্ভত জিলা পৰ্যায়ৰ প্রদর্শনীসমূহৰ পৰা উৎকৃষ্ট মানৰ সৃষ্টিশীল আর্হিসমূহ বাচনি কৰি সেই আৰ্হি অহা ৬ আৰু ৭ জুলাইত আই আই টি, গুৱাহাটীৰ কনফাৰেন্স কেন্দ্ৰত প্ৰদৰ্শন কৰা হ’ব বুলি জনায় ।

আই আই টি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেবেন্দ্র জালিহালে উদ্বোধন কৰিবলগীয়া ৰাজ্যিক স্তৰৰ বিজ্ঞান আৰ্হিৰ প্রদর্শনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক সহদেৱন ৰাধাকৃষ্ণন । ইতিমধ্যে শোণিতপুৰ, বিশ্বনাথ, দৰং, বঙাইগাঁও, ধেমাজি, গোলাঘাট, লখিমপুৰ, শিৱসাগৰ, বৰপেটা আদি জিলাত মঞ্চৰ শাখাসমূহৰ উদ্যোগত বিজ্ঞান আৰ্হিৰ জিলাভিত্তিক প্রদর্শনী অনুষ্ঠিত হৈছে । ইফালে চৰাইদেউ, ডিব্ৰুগড়, গোৱালপাৰা, কামৰূপ (মহানগৰ), মৰিগাঁও, নগাঁও, নলবাৰী, তিনিচুকীয়া আদি জিলাত অহা ২৮, ২৯, ৩০ জুন আৰু ২ জুলাইত প্রদর্শনী অনুষ্ঠিত হ’ব । প্রদর্শনীৰ যাৱতীয় কাম-কাজ আগুৱাই নিবলৈ ইতিমধ্যে এখন সমিতি গঠন কৰা হয় ।

আই আই টি, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীৰ লগতে দুদিনীয়া কাৰ্যসূচীত ছাত্র- ছাত্রীসকলক লৈ কর্মশালা আৰু বিজ্ঞানীসকলৰ লগত মত বিনিময়ৰ কাৰ্যসূচী লোৱা হৈছে । নির্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ অহা-যোৱা, থকা- খোৱা আৰু যাৱতীয় খৰচসমূহ বহন কৰাৰ বাবে মঞ্চই ব্যৱস্থা গ্রহণ কৰিছে । আজিৰ সংবাদমেলত প্ৰস্তুতি সমিতিৰ হৈ ড° জয়ন্তী চুতীয়া, ড° পৱন চহৰীয়া, ড° কালীপ্রসাদ শর্মা আৰু কমলেশ গুপ্ত উপস্থিত থাকে ।

Leave A Reply