Breaking

চীনৰ বিজ্ঞানাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিছে তিনিদিনতে মানুহৰ মৃত্যু ঘটাব পৰা বিপজ্জনক ভাইৰাছ!

0 28

ক’ৰনা ভাইৰাছ চীনে সৃষ্টি কৰা বুলি আমেৰিকাৰ লগতে বহু দেশে অভিযোগ কৰিছিল। এনে অভিযোগৰ মাজতে চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে আন এক বিপজ্জনক ভাইৰাছ। প্ৰকাশিত তথ্য অনুসৰি এই ভাইৰাছে তিনিদিনতে যিকোনো ব্যক্তিৰ মৃত্যু ঘটাব পাৰে। চাইন্স ডাইৰেক্ট আলোচনীত প্ৰকাশিত তথ্য অনুসৰি নতুন কৃত্ৰিম ভাইৰাছ বিধে ইব’লা ভাইৰাছৰ দৰেই ক্ৰিয়া কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে ইব’লা ভাইৰাছৰ কিছু অংশ গ্ৰহণ কৰি নতুন ভাইৰাছ বিধৰ সৃষ্টি কৰিছে।

ই ইব’লা ভাইৰাছৰ দৰেই অতি মাৰাত্মক। এই ভাইৰাছত আক্ৰান্ত হ’লে মানুহৰ দেহত ইব’লা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ দৰেই সক্ষণে দেখা দিব পাৰে। এই ভাইৰাছ বিধে প্ৰথমে মানুহৰ শৰীৰ দুৰ্বল কৰি পেলায় আৰু শৰীৰৰ অংগবোৰে কাম কৰা বন্ধ কৰি দিয়ে। তিনিদিৰ পিছত তেওঁৰ মৃত্যু হ’ব পাৰে। এই ভাইৰাছে চকুতো সংক্ৰমণ ঘটাব পাৰে। ফলত লোক এজনে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে। এই ভাইৰাছবিধ ছিৰিয়াৰ হামষ্টাৰ নামৰ প্ৰাণীবিধৰ শৰীৰত প্ৰয়োগ কৰাৰ তিনি দিনৰ ভিতৰতে সেই প্ৰাণীবোৰে মৃত্যুক সাৱটি লৈছিল।

Leave A Reply

Your email address will not be published.