জল জীৱন মিছনৰ গুৰুত্বহীন কাৰুকাৰ্যত ক্ষোভিত ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱত হাহাকাৰ।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ প্ৰায় ৫০০ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ ব্যৱস্থা হ’ল ৪০ বছৰ পুৰণি শশীপুৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি।
বিগত কেইবাদিন ধৰি অঞ্চলটোৰ লগতে ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উক্ত খোৱাপানীৰ যোগান আঁচনি বিকল হৈ পৰাৰ পিছতেই অঞ্চলটোৰ ৰাইজে ভূটানৰ লগতে বহু দূৰ দূৰণিৰ পৰা পানী আনিবলগীয়া হৈছে।
এইক্ষেত্ৰত অঞ্চলবাসীয়ে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনোধৰণৰ কাণসাৰ নিদিয়াত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে।
প্ৰতিবাদকাৰী সকলে আমাক পানী লাগে পানী দিয়ক, আঁচনি ফলপ্ৰসু ভাৱে ৰূপায়ণ কৰক, বিজেপি চৰকাৰ হায় হায়, ইউপিপিএল চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

অতিশীঘ্ৰে এই আঁচনিৰ যোগেদি পানী যোগান দিবলৈ তথা অঞ্চলটোত নতুনকৈ আৱন্টন হোৱা জল জীৱন মিছনৰ অভাৰ হেড স্কীমটো ৰূপায়ণ কৰিবলৈ দাবী উত্থাপন কৰে।