নলবাৰীত আজি ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।
নলবাৰী চহৰৰ ৰাজেন্দ্ৰ চৌধুৰী ভৱনত এই ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় । এই কাৰ্যনিৰ্বাহক সভাত সংখ্যালঘু মৰ্চাৰ বিভিন্ন দিশ সন্দৰ্ভৰ লগতে অনাগত দিনৰ কাৰ্যপন্থা সমূহত বিষদ ভাৱে আলোচনা কৰা হয় ।
আজিৰ এই সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডলৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টী নলবাৰী টাউন মণ্ডলৰ সমিতিৰ সভানেত্ৰী অজিতা বৰ্মন,নলবাৰী পৌৰসভাৰ অধ্যক্ষ জয়শ্ৰী তালুকদাৰ,বিজেপি নলবাৰী সংখ্যালঘু মৰ্চাৰ সম্পাদিকা ৰুবী বেগন সহ ভালেকেইগৰাকী বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে৷