গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ৩ এপ্ৰিল পৰা ৬ এপ্ৰিললৈকে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২২ত শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় দলটিয়ে অতি সুন্দৰ প্ৰদৰ্শনেৰে চমকপ্ৰদ কৃতিত্ব অৰ্জন কৰে। মুঠ ১৫ টা শিতানত পুৰস্কৃত হৈ গড়গাঁও মহাবিদ্যালয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে। অনন্যা গগৈয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, জয়ন্ত সংগীত আৰু আধুনিক গীতত প্ৰথম স্থান, গজল প্ৰতিযোগিতাত দ্বিতীয় স্থান, একক লোকগীত, ভজন, আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। তেনেদৰে শোভন জ্যোতি দুৱৰা, অন্নপ্ৰসন্ন কাশ্যপ, ৰাহুল বৰুৱা আৰু দেৱপ্ৰতীম বৰগোহাঁইৰ দলটিয়ে লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু অনন্যা গগৈ, প্ৰস্তুতি ফুকন, কৌশিক ডেকা, পাৰ্থ প্ৰতীম শইকীয়া, বিকি গগৈ আৰু অন্নপ্ৰসন্ন কাশ্যপৰ দলটিয়ে সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।
ঢোল বাদনত অন্নপ্ৰসন্ন কাশ্যপে প্ৰথম স্থান, ফটোগ্রাফি প্ৰতিযোগিতাত শুভ্ৰজ্যোতি গগৈয়ে তৃতীয় স্থান, ইনষ্টলেশ্যন আৰু ক্লে’ মডেলিং প্ৰতিযোগিতাত ত্ৰিবেণী বৰুৱাই তৃতীয় স্থান, একাংকিকা নাট প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ দলটিৰ সফলতাত সন্তুোষ প্ৰকাশ কৰি অধ্যক্ষ ড° সব্যসাচী মহন্তই দলটিৰ প্ৰতিগৰাকী সদস্যৰ লগতে শিক্ষক-তত্ত্বাৱধায়ক প্ৰণৱ দুৱৰা, ড° অঞ্জন কোঁৱৰ, ড° ৰিমঝিম বৰা, ড° বলোৰাম দাসকে প্ৰমুখ্য কৰি কৃতিত্বৰ আঁৰৰ সকলো ব্যক্তিক অভিনন্দন তথা কৃতজ্ঞতা জনায়। লগতে পৰৱৰ্তী সময়তো এনেধৰণৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ মহাবিদ্যালয় পৰিয়ালৰ প্ৰয়াস অব্যাহত থাকিব বুলি অভিমত প্ৰকাশ কৰে।