Breaking

কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…

0 63

গঁড়ৰ চোৰাং চিকাৰ বিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠক কাজিৰঙাত অনুষ্ঠিত হয়। কঁহৰাত অৱস্থিত বন বিভাগৰ শতবর্ষ আলোচনা গৃহত ৰাজ্যখনৰ বিশেষ আৰক্ষী ত সঞ্চালকপ্রধান হৰমিত সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গুৰুত্বপূর্ণ সভাত বিশেষকৈ বৰ্তমানৰ গড় সুৰক্ষা ব্যৱস্থা, বন-আৰক্ষী সমন্বয়, বিদ্যমান বন সুৰক্ষা বাহিনী মোতায়েন আৰু চোৰাংচোৱা নে’টৱৰ্ক শক্তিশালী কৰাৰ পর্যালোচনা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্রদীপ্ত বৰুৱা, স্পেচিয়েল টাস্ক ফ’ৰ্টৰ আই জি পাৰ্থ সাৰথি মহন্ত, আইজি পি দেৱজ্যোতি মুখার্জী, গোলাঘাট, কার্বি আংলং, বিশ্বনাথ,শোণিতপুৰ, মৰিগাঁও, নগাঁও আদি জিলাৰ আৰক্ষী অধীক্ষক, বিশ্বনাথ, নগাঁও, মাজুলী বন সংমণ্ডল বিষয়া আদিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন

বিষয়াসকল উপস্থিত থকা এই গুৰুত্বপূর্ণ সভাত বিশেষকৈ ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যকে ধৰি চাৰিখন গড় ধাৰণকাৰী অঞ্চলৰ বন আৰু আৰক্ষী বিষয়াসকলে নিজৰ পৰামৰ্শ আগবঢ়ায়। ৰাইন’ টাস্ক ফ’ৰ্চৰ সমিতিয়ে উক্ত চাৰিখন বনাঞ্চলৰ লগতে গড় বিচৰণ কৰা স্থানবোৰত গড় সুৰক্ষিত কৰিবলৈ কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ সমন্বিত প্রচেষ্টাৰ ফলত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ সৈতে যোৱা দুটা বছৰত দেখা পোৱা অনুসৰি, বুঢ়া চাপৰি আৰু মাজুলীকে ধৰি নতুন অঞ্চললৈ গঁড় ক্রমান্বয়ে বিস্তাৰিত হৈছে। টাস্ক ফ’ৰ্চে পৰামৰ্শ দিয়া মতে নতুন এলেকাবোৰৰ দুৰ্বলতা মেপ কৰা হ’ব আৰু বন শিবিৰ আৰু

পেট্রলিং পথ স্থাপনকে ধৰি ব্যৱস্থাবোৰ চিনাক্ত কৰা হ’ব। অন্যহাতে, টাস্ক ফ’চে অধিক সমন্বয় আৰু নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে সমিতিখনত অতিৰিক্ত সদস্য-আই জি পি (চি আৰ, এন আৰ, ই আৰ), নগাঁও, গোলাঘাট, আঞ্চলিক বিভাগৰ ডি এফ অ’ আৰু অসম বন সুৰক্ষা বাহিনীৰ কমান্ডেন্টসকলক অন্তৰ্ভূক্ত কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি জিলা পৰ্যায়ত সকলো গড় ধাৰণকাৰী এলেকাত নিয়মীয়া সমন্বয় সভা অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে, যাতে কার্যকৰী ক্ষমতা বৃদ্ধি হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মতে গড় সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰক্ষী আৰু বন বিভাগে যুটীয়াভাবে সকলো অভিযান তথা পদক্ষেপ ল’ব লাগে। বৈঠকত মুখ্যমন্ত্ৰীৰ কল্পনা মতে ৰাজ্যখনৰ বন্যপ্রাণী সুৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বাবে সকলো অংশীদাৰক ধন্যবাদ জনোৱা হয়।

Leave A Reply

Your email address will not be published.