সম্ভাৱ্য বানপানী সন্দৰ্ভত বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বিতীয়খন সভা হেল্পলাইন নম্বৰ মুকলি

বাৰিষা আৰু বানপানীৰ সময় সমাগত।বঙাইগাঁও জিলাৰ বিভিন্ন এলেকা প্ৰায় প্ৰতি বছৰে বানাক্ৰান্ত হয়।গতিকে সম্ভাৱ্য বানপানীৰ বাবে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰস্তুতিমূলক সভা অনুষ্ঠিত কৰি আছে।ইতিমধ্যে ৰাজহ চক্ৰ পৰ্যায়ত টাস্ক ফোৰ্চৰ সভা অনুষ্টিত কৰা হৈছে প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনত।আজি জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া উদ্যোগত বানপানীৰ প্ৰস্তুতি সম্পৰ্কত দ্বিতীয়খন সভা অনুষ্ঠিত কৰা হয়।বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আৰু অভয়াপুৰী দক্ষিণ(অ:জা:)বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰৰ উপস্থিতিত জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত তেওঁৰ সভাকক্ষত আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,বঙাইগাঁও পৌৰসভাৰ পৌৰপতি,অতিৰিক্ত উপায়ুক্ত,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়া, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া,ভাৰতীয় খাদ্য নিগমৰ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে সভাখন অনুষ্ঠিত কৰা হয়।ভূটানৰ পাদদেশৰ কুৰিশ্বু বান্ধৰপৰা এৰি দিয়া পানী আৰু অত্যধিক বৰষুণৰ বাবে আই নদী তথা মানাহ নদীৰ অতিৰিক্তভাৱে বৈ অহা পানীয়ে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম,বইটামাৰী আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন এলেকা বানাক্ৰান্ত কৰে। বানপানীৰ দ্বাৰা আক্ৰান্ত লোকসকলক উদ্ধাৰ বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দি সহায় কৰা হয় জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা ।

ইয়াৰ বাবে জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণ বা মেৰামতি বা গৰাখহনীয়া প্ৰতিৰোধ,বানাক্ৰান্ত লোকক খাদ্য সামগ্ৰী যোগান,ত্ৰিপাল-মমবাতি-ঔষধ-বিশুদ্ধ খোৱাপানী,অনাময় ব্যৱস্থা,পশুখাদ্য যোগান,বানাক্ৰান্ত কৃষকৰ বাবে কমিউনিটি নাৰ্চাৰী,আশ্ৰয় শিবিৰ চিনাক্তকৰণ,প্ৰসূতি মহিলা আৰু শিশুৰ বাবে উপযোগী ব্যৱস্থা তথা তেওঁলোকৰ খাদ্য যোগান,বিকল্প যাতায়ত ব্যৱস্থা,বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাধাৰণ নাও বা ইঞ্জিন নাওৰ ব্যৱস্থা,উদ্ধাৰ কাৰ্য্যৰ বাবে এছ ডি আৰ এফ,এন ডি আৰ এফ,সেনাবাহিনীৰ লোক বা আপদা মিত্ৰ আৰু প্ৰতিৰোধী বন্ধু নিয়োগ,আৰক্ষী,অগ্নি নিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগৰ সহায় আদি ক্ষেত্ৰত ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে বিভিন্ন বিভাগৰ অধীনত।এইক্ষেত্ৰত আজিৰ সভাত উপস্থিত বিধায়কদ্বয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।আজিৰ সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া অনন্ত সামন্তই বান প্ৰস্তুতি সম্পৰ্কত এটা চমু আভাষ দাঙি ধৰে।তেওঁ সভাত ২৪ঘন্টাই সেৱা উপলব্ধ দুটা হেল্পলাইন নম্বৰ উল্লেখ কৰে।নম্বৰ দুটা হ’ল-৭০৮৬৭৯৩৫০৭ আৰু লেণ্ডলাইন নম্বৰ হ’ল-০৩৬৬৪-২৩১১৭১ আৰু বিনামূলীয়া ফোন নম্বৰ ১০৭৭ ।

Related Articles