Breaking

৮ চেপ্তেম্বৰৰ পৰা ১১ চেপ্তেম্বৰ লৈকে গুৱাহাটীৰ বৰ্ষাপাৰাত অৱস্থিত চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হয় বাছনি দবা প্ৰতিযোগিতা

0 537

গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা-গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা খন ৮ চেপ্তেম্বৰৰ পৰা ১১ চেপ্তেম্বৰ,২০২২ লৈ গুৱাহাটীৰ বৰ্ষাপাৰাত অৱষ্ঠিত চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হৈ যায়। গুৱাহাটী দবা সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতা খনৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত:জিলা জুনিয়ৰ আৰু মহিলা শাখাত গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰিব লগীয়া খেলুৱৈ সমূহ বাছনি কৰা হৈছে।প্ৰতিযোগিতা খন অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ, অনুৰ্দ্ধ ১৫ বছৰ লৰা আৰু ছোৱালী উভয় শাখাত আৰু মহিলাৰ শাখাত অনুষ্ঠিত হৈছিল।


অনুৰ্দ্ধ ৭বছৰ লৰা শাখাত প্ৰাচুৰ্য্য চাংমাই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। পাৰ্থিৱ শংকৰছানাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ৭বছৰ ছোৱালী শাখাত ধান্যতা গোস্বামীয়ে ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। আব্ৰি নাইলা বৰাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। আৰ্য়্য জৈন আৰু শ্বানায়া ভৌমিকে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
অনুৰ্দ্ধ ৯ বছৰ ল’ৰা শাখাত, আৰোহনে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। কৃষ্ণাভ মৃণ্ময় হাজৰিকাই এইটো শাখাত ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। ৰজত বাফনা আৰু নীহাৰ দাসে ক্ৰমে ৩ পইণ্ট আৰু ২.৫ পইণ্টকৈ সংগ্ৰহ কৰি তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।
অনুৰ্দ্ধ ৯ বছৰ ছোৱালী শাখাত ৰিতিশা মাইৰা ৰাজবংসীয়ে ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। সৃষ্টি ৰূপা ৰয় আৰু আয়ুস্মিতা পল উভয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১১বছৰ ল’ৰা শাখাত তন্ময় ৰাজবংসীয়ে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। জগজিত সিনহাই ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। জয়ৰাজ বৰ্মন আৰু এমিল বৰগোহাঞিয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।


অনুৰ্দ্ধ ১১ বছৰ ছোৱালী শাখাত তমন্না শৰ্ম্মাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। হৃদিকা দাসে ২পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৩ বছৰ ল’ৰা শাখাত হিমানীশ শৰ্ম্মাই ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। শুভাঙ্গ প্ৰান কাশ্যপে ৩.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। প্ৰিয়ানুজ দাসে ৩পইণ্ট লাভ কৰি তৃতীয় স্থান আৰু সুহান পতিয়ে ১.৫পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৩ বছৰ ছোৱালী শাখাত আফশ্বীন আফশ্বা জামানে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। ইক্ষিতা বৰ্মনে ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান আৰু ডেইজী দত্তই ৩পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৫ বছৰ শাখাত শুভম ভট্টাচাৰ্যই ৩.৫ পইণ্টেৰে প্ৰথম স্থান অধিকাৰ কৰে। নলীনাক্ষ কাশ্যপে ২.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।
মহিলা শাখাত ৰিচা বুজৰ বৰুৱাই ২.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। শিৱাঙ্গী প্ৰিয়া কাশ্যপেও ২.৫ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। শিখামনি কলিতা আৰু স্তুতি শৰ্ম্মাই ২পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিঅনুষ্ঠিত হৈছিল । সৰ্ব্বমূঠ ৪৩ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত: জিলা দবা প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু মহিলাৰ শাখাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈ সমূহ বাছনি কৰা হৈছে।
প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ চেলিনা মাচুমে মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। চিৰৰঞ্জন ভূঞা আৰু প্ৰয়াগ হাজৰিকাই ডেপুটি আৰ্বিটাৰ হিচাপে তেওঁক সহযোগ কৰিছিল। গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী প্ৰণৱ কুমাৰ নাথ প্ৰতিযোগিতা ডাইৰেক্টৰ আছিল।
১১চেপ্তেম্বৰ, ২০২২ তাৰিখে চাউথ পইণ্ট স্কুলত প্ৰতিযোগিতাৰ বঁটাবিতৰণী সভাপতি অনুষ্ঠিত হয়। প্ৰণৱ কুমাৰ নাথ, সাধাৰণ সম্পাদক, গুৱাহাটী দবা সন্থা সভা খনৰ আঁত ধৰে। সভাত শ্ৰীমতী ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ সভাত অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী দবা সন্থাৰ কোষাধ্যক্ষ কুশল বাগাড়ীয়া, যুতিয়া সম্পাদক চিৰৰঞ্জন ভূঞা সভাত উপস্থিত থাকে। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ সভাত শ্ৰীমতী ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ, ৰাজেশ গাঙ্গৱাল, শ্ৰীমতী চেলীনা মাচুম, শ্ৰী প্ৰয়াগ হাজৰিকা, চিৰৰঞ্জন ভূঞা আৰু প্ৰশিক্ষক হোমেন ৰাভাই বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.