নাজিৰা মহাবিদ্যালয়ত পৰিৱেশ প্ৰদূষণৰ ওপৰত আলোচনা চক্ৰ

নাজিৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত ” পৰিৱেশ প্ৰদূষণ আৰু মানৱ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ ” শীৰ্ষক বিষয়ত অলপতে এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

গণিত বিভাগৰ সহযোগী অধ্যাপিকা সুজাতা বৰঠাকুৰে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি পৰিৱেশ প্ৰদূষণে মানৱ জীৱনৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত বিশদ ভাৱে আলোচনা আগবঢ়ায় । ডঃ অজিত বড়াই মুকলি কৰা আলোচনা চক্ৰ খনিত অধ্যাপক গজেন্দ্ৰ শৰ্মা , কিৰণমণি বৰগোঁহাই , মানস জ্যোতি শইকীয়াৰ লগতে ছাত্র – ছাত্ৰী সকল উপস্থিত থাকি আলোচনাচক্ৰখনি সাফল্য মণ্ডিত কৰি তোলে । 

Related Articles