Breaking

জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে…

0 38

যোৱা ১১ জুলাইৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জটিল হৃদৰোগত আক্ৰান্ত হৈ আই চি ইউত চিকিৎসাধীন জ্যেষ্ঠ সাংবাদিক, ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ৰ উত্তৰ-পূবাৰ্ঞ্চলৰ প্ৰধান সংবাদদাতা তথা অগ্ৰদূত কাকতৰ স্তম্ভ লেখক ভূপেন গোস্বামীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী শৰ্মাই ফোন যোগে সাংবাদিক জনৰ স্বাস্থ্যৰ বুজ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ বিশেষজ্ঞ সকলে দিয়া বিধি অনুসৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো সহায় কৰাৰ আশ্বাসো দিছে। উল্লেখ্য যে হঠাৎ যোৱা ১১ জুলাইৰ নিশা উসাহ নিসাহত বৰকৈ কষ্ট পোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউৰ ত ভৰ্তি কৰোৱা হৈছিল।

আৰু ২০ জুলাই তাৰিখে এমাহ জিৰণিৰ বাবে যাবলৈ দিয়া হয়। ইয়াৰ পাছত পুনৰ অহা ২২ আগস্টত চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ তথা মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্যৰ পৰামৰ্শ মতে ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়া হৈছে। বিভাগৰ অধ্যাপিকা তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰ্ণালী দত্তৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞা চিকিৎসক অধ্যাপিকা ডাঃ দত্তই জনোৱা মতে গোস্বামীৰ দীঘলীয়া চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এতিয়াও সংকটমুক্ত বুলি কব নোৱাৰি। সাংবাদিক জনৰ হৃদযন্ত্ৰৰ পাম্পিং অতি দূৰ্বল হৈ পৰিছে যাৰ ফলত উসাহ নিসাহত বৰকৈ কষ্ট অনুভৱ কৰি আছে। হৃদযন্ত্ৰৰ পাম্পিং সবল নোহোৱা পৰ্যন্ত এআইচিডি বা পেছমেকাৰ সংস্থাপনৰ জটিল অস্ত্ৰোপচাৰ একেবাৰে সম্ভৱ নহয়।

সেয়ে চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক সকলে ধাৰাবাহিক চিকিৎসা আৰু জিৰণিৰ লগতে মানসিক চাপ পাব পৰা যি কোনো চিন্তা-চৰ্চাৰ পৰা আতঁৰি থকাৰ পৰামৰ্শ আগবঢ়াইছে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো সাংবাদিক গোস্বামীৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰে। তদুপৰি বৃহত্তৰ পাঞ্জাবাৰী বতাহঘূলি বৰ নামঘৰৰ ভকত বৈষ্ণৱ সহিতে পৰিচালনা সমিতি, পাঞ্জাবাৰী নৱজ্যোতি ক্লাব, পাঞ্জাবাৰী উদ্যান সমিতিকে ধৰি, নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ কেন্দ্ৰীয় সমিতিয়েও গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে। ইতিমধ্যে সাংবাদিক জনৰ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছ।

Leave A Reply

Your email address will not be published.