Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

গুৱাহাটী, ৬ নৱেম্বৰঃ ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

ইয়াৰ পূৰ্বে তেওঁ হাইদৰাবাদৰ যশোদা হাস্পতালত চিকিৎসা(Chief Minister for financial assistance) গ্ৰহণ কৰিছিল। কৰ্কট(Cancer) ৰোগত আক্ৰান্ত সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ ইতিমধ্যে দুবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে(Daughter Appeals)। অতি ব্যয়বহুল চিকিৎসা চলাই যোৱাৰ ক্ষেত্ৰত সেয়ে সাংবাদিক নাথ এতিয়া আৰ্থিক অনাটনৰ সন্মুখীন হৈছে বুলি কন্যা সুদৰ্শিনী নাথে প্ৰকাশ কৰিছে।

সেয়ে ৰোগাক্ৰান্ত সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ সহায় হোৱাকৈ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ কন্যা সুদৰ্শিনী নাথে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইছে।

অসমৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ থকা গুৱাহাটীৰ নিবাসী গীতাঞ্জলি বৈশ্য নাথে ‘আমাৰ অসম’ কাকতকে ধৰি বহু কাকত-আলোচনীত বছৰৰ পিছত বছৰ ধৰি সেৱা আগবঢ়াই আহিছিল।

ইতিমধ্যে তেওঁৰ বিভিন্ন কাকত-আলোচনীত ১০৮০টাৰো অধিক প্ৰৱন্ধ প্ৰকাশ পাইছে। গীতাঞ্জলি বৈশ্য নাথ বৃহত্তৰ বামুণীমৈদাম, জ্যোতিনগৰ শাখা লেখিকা সন্থাৰো সভানেত্ৰী পদ অলংকৃত কৰিছিল।

তেওঁ ‘দৈনন্দিন বাৰ্তা’(Dainandin Barta) কাকতৰ সৈতেও বহু বছৰ ধৰি জড়িত আছিল। সাংবাদিকতাক এক নিচা হিচাপে গ্ৰহণ কৰা গীতাঞ্জলি বৈশ্য নাথৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্ন দল-সংগঠনে।

গীতাঞ্জলি বৈশ্য নাথৰ কন্যা সুদৰ্শিনী নাথে মাতৃৰ চিকিৎসাত সহায় হোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।

Related Articles