Breaking

The Assam Rising-ৰ কাৰ্যবাহী সম্পাদকৰ দ্বায়িত্বত জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰ; DB Newsৰ কনচালটিং সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিলে মনোজ লস্কৰে

84

গুৱাহাটী, ১১ ছেপ্তেম্বৰ: ৰাজ্যৰ আগশাৰীৰ সংবাদ গোষ্ঠী দৈনন্দিন বাৰ্তা গোষ্ঠী(Dainandin Barta Group)ত আজি দুগৰাকী জ্যেষ্ঠ সাংবাদিকে যোগদান কৰে। জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক কাকত The Assam Rising ৰ কাৰ্যবাহী সম্পাদক হিচাবে যোগদান কৰাৰ লগতে DB News-ৰ কনচালটিং এডিটৰ হিচাবে যোগদান কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ লস্কৰে ।

অসমৰ সংবাদ জগতত প্ৰায় ২৯ টা বছৰ সেৱা আগবঢ়োৱা দুলাল মিশ্ৰই ইয়াৰ পূৰ্বে প্ৰাগ নিউজ, নৰ্থ ইষ্ট নাও, আমাৰ অসম, আজি , প্ৰতিবিম্ব, এদিনৰ সংবাদ আদি ডিজিটেল প্লেটফৰ্মৰ লগতে দৈনিক কাকতত সংবাদ সেৱা কৰিছিল। অসমীয়া দৈনিক এদিনৰ সংবাদৰ তেওঁ কাৰ্যবাহী সম্পাদক আছিল। একেদৰে নতুন দিল্লীৰ পৰা দেশৰ ১৪ টা ভাষাত প্ৰকাশিত সাপ্তাহিক বাৰ্তালোচনী দ্য ছানডে ইণ্ডিয়ানতো তেওঁ অসমৰ বিশেষ সংবাদদাতা আছিল। প্ৰথমে শৰাইঘাট প্ৰকাশ আৰু বৰ্তমান গুৱাহাটী পাণবজাৰৰ আৰ জি পাব্লিকেছনে প্ৰকাশ কৰা অসমীয়া ভাষাৰ প্ৰথম ইয়েৰ বুক শৰাইঘাট অসম ইয়েৰ বুকৰো মিশ্ৰ সম্পাদক।

আনহাতে জ্যেষ্ঠ সাংবাদিক মনোজ লস্কৰেও ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহু বছৰ ধৰি কাম কৰি আহিছে। তেওঁ চাউথ এছিয়া মনিটৰত চাৰ্চ ইঞ্জিন অপ্টিমাইজেচন (এছ.ই.ও.) বিশেষজ্ঞ হিচাবে কাম কৰাৰ উপৰি ৰাষ্ট্ৰীয় দৈনিক দৈনিক ভাস্কৰৰ জ্যেষ্ঠ প্ৰতিবেদক, মজো ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা সম্পাদক , ইটিভি ভাৰত অসমৰ প্ৰাক্তন সহকাৰী মুখ্য সমল সম্পাদক,নিউজ টাইম অসমৰ প্ৰাক্তন বাতৰি প্ৰযোজক,ফ্ৰণ্টিয়াৰ টিভিৰ প্ৰাক্তন সহকাৰী বাতৰি সম্পাদক,ডিৱাই ৩৬৫-ত প্ৰাক্তন জ্যেষ্ঠ কাৰ্যসূচী প্ৰযোজক, ডিৱাই৩৬৫ ত প্ৰাক্তন বাতৰি প্ৰযোজক, নৰ্থ ইষ্ট ৰাউণ্ড আপ, ডিডি নেচনেল এট নৰ্থইষ্ট ৰাউণ্ড আপৰ প্ৰাক্তন মেনেজিং এডিটৰ হিচাবে সেৱা আগবঢ়াইছে।

আজি দৈনন্দিন বাৰ্তা গ্ৰুপৰ কাৰ্যালয়ত The Assam Rising কাকতৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য(Editor of Assam Rising), দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকা(Chief Editor Naren Hazaraika), দৈনন্দিন বাৰ্তা গ্ৰুপৰ পৰিচালনা সঞ্চালক শংকৰ গোঁহাই , DB News পৰ্টেলৰ সম্পাদক নৱজ্যোতি কলিতাকে ধৰি সমূহকৰ্মীয়ে দুয়োগৰাকী সাংবাদিককে আদৰণিত জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি The Assam Rising কাকতৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই কয় যে দুয়োগৰাকী সাংবাদিকৰ যোগদানে দৈনন্দিন বাৰ্তা গ্ৰুপক অধিক শক্তিশালী কৰি তুলিব। তেওঁ সাংবাদিকতাৰ জগতখন প্ৰত্যাহ্বানেৰে ভৰা আৰু আমি সেয়া অতিক্ৰম কৰিব লাগিব বুলি কয়।

দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই দুয়োগৰাকী সাংবাদিককে আদৰণি জনাই কয় যে অতি সাধাৰণভাবে আৰম্ভ কৰা দৈনন্দিন বাৰ্তা গ্ৰুপে এতিয়া ৰাজ্যৰ এক আগশাৰীৰ সংবাদ গোষ্ঠী হিচাবে পৰিগণিত হৈছে।

দৈনন্দিন বাৰ্তা গ্ৰুপৰ পৰিচালনা সঞ্চালক শংকৰ গোঁহাইয়ে(Managing Director Sankar Gohain) কোনো পৰিস্থিতিতে অশুভ শক্তিৰ ওচৰত শিৰনত নকৰাকৈ দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে ৰাইজৰ সেৱা কৰি যাব বুলি আত্মপ্ৰত্যয়ৰে কয়।

Comments are closed.