Breaking

“দৈনিক অগ্ৰদূত” কাকতৰ উপ সম্পাদক, “প্ৰাগ নিউজ” আৰু “প্ৰাইম নিউজ”ৰ চীফ ৰিপ’ৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মা আৰু নাই ৷

0 114

“দৈনিক অগ্ৰদূত” কাকতৰ উপ সম্পাদক, “প্ৰাগ নিউজ” আৰু “প্ৰাইম নিউজ”ৰ চীফ ৰিপ’ৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মা আৰু নাই ৷ উচ্চ ৰক্তচাপজনিত কাৰণত দুকুৰি তিনি বছৰ বয়সতে আজি বিয়লি জীৱন নাট সামৰে শৰ্মাই ৷

নগাঁৱৰ দক্ষিণপাট নিবাসী জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাই ৪৩ বছৰ বয়সত বিয়লি ২-৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ উচ্চ ৰক্তচাপত বুধবাৰে নিশা ঘৰতেই অসুস্থ হৈ পৰিছিল তেওঁ ৷ ভৰ্ত্তি কৰোৱা হৈছিল নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল গুৱাহাটীলৈ৷ চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ নি থকা অৱস্থাত ৰহাত মৃত্যু ঘটে তেওঁৰ ৷ “আজিৰ বাতৰি”ৰ জৰিয়তে ৯৬ চনত সংবাদসেৱা আৰম্ভ কৰিছিল তেওঁ ৷ দৈনিক অগ্ৰদূত কাকতৰ উপ সম্পাদক , প্ৰাইম নিউজৰ চীফ ৰিপ’ৰ্টাৰ , প্ৰাগ নিউজৰ চীফ ৰিপ’ৰ্টাৰো আছিল শৰ্মা৷ শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ সৈতে জড়িত আছিল তেওঁ৷ নগাঁৱত শোকৰ ছাঁ ৷ সাংবাদিক সকলৰো শোক প্ৰকাশ

Leave A Reply

Your email address will not be published.