Breaking

হোজাই জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগত গুৰুত্ত্বপূৰ্ণ পৰ্যালোচনা সভা

0 1,576

 আজি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ  অধ্যক্ষতাত জিলা খনৰ চক্ৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খণ্ড উন্নয়ন বিষয়া আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।সভাত উপায়ুক্ত গৰাকীয়ে বিভাগ সমূহত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ স্থিতি   সম্পৰ্কে বুজ লয়। হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত ৰূপায়িত হৈ থকা  নলযোগে বিশুদ্ধ খোৱা পানী যোগান আঁচনি প্ৰকল্পৰ সকলো কামৰ বিতং পৰ্যালোচনাৰ অন্তত উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত অসম্পূৰ্ণ কাম সমূহ অধিক ক্ষীপ্ৰতাৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। পৰ্যালোচনা সভাত উপায়ুক্তই জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰা বৰ্তমান চলি থকা ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লয় আৰু এই ক্ষেত্ৰত তেওঁ উপস্থিত চক্ৰ বিষয়া সকলক তেওঁলোকৰ সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) সকলৰ পৰা বৰ্তমানলৈকে টীকা গ্ৰহণ নকৰা ব্যক্তি সকলৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যি সমূহ অঞ্চলত টীকা গ্রহণৰ হাৰ নিম্ন সেই অঞ্চল সমূহত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ বিশেষ টীকাকৰণ শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।


ইয়াৰোপৰিও তেওঁ খণ্ড উন্নয়ন বিষয়া সকলৰ পৰা জিলাখনত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীন) কামৰ অগ্ৰগতি সম্পৰ্কেও বুজ লয়।সভাৰ অন্তত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলো বিষয়াক তেওঁলোকৰ তত্বাৱধানত চলি থকা আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হলে অতি সোনকালে তেওঁক অৱগত কৰিবলৈ আহ্বান জনোৱাৰ লগতে  কাম সমূহ নিয়মিত ভাৱে পৰিদৰ্শন কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ।গুৰুত্বপূৰ্ণ এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন)  গকুল চন্দ্ৰ ব্ৰহ্ম,  জয় শংকৰ শৰ্মা আৰু মহকুমাধিপতি(সদৰ)  সুদীপ নাথ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়া কর্মচাৰী উপস্থিতি থাকে।

Leave A Reply

Your email address will not be published.