ভাৰতীয় পাকঘৰত তিলৰ তেল ব্যৱহাৰ কৰা হয়। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি চালাড ড্ৰেছিংলৈকে এই তেল ব্যৱহাৰ কৰা হয়। মূলতঃ এই তেল সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। এই তেলৰ ঔষধি গুণৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। তিল তেলত চেচমল আৰু চেচামিনল নামৰ দুটা এন্টিঅক্সিডেন্ট থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হয়। বিশেষকৈ যদি আপোনাৰ এল ডি এল কলেষ্টেৰল বৃদ্ধি পায় তেন্তে আপুনি আপোনাৰ খাদ্যত তিলৰ তেল অন্তৰ্ভুক্ত কৰিব লাগিব।
এক গৱেষণাৰ মতে তিল তেল হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ই প্ৰাকৃতিকভাৱে কলেষ্টেৰল হ্ৰাস কৰাৰ কাম কৰে। তিল তেলৰ সুফল পাবলৈ দৈনিক ইয়াৰ ৩-৪ চামুচ সেৱন কৰিব লাগিব।
তিল তেলৰ পৰাও কি কি সুফল পোৱা যায়-
- তিল তেলত এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু চেচামোলিন আদি পুষ্টিকৰ উপাদান থাকে। এই উপাদানসমূহে ছালত আৰ্দ্ৰতা প্ৰদান কৰে, বয়সৰ লক্ষণ কমায় আৰু ছালখনক সুস্থ কৰি ৰাখে।
- তিল তেলত থকা জিংক আৰু চেচামোলিনৰ দৰে উপাদানে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যা দূৰ কৰাত ই সহায়ক হ’ব পাৰে।
- শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শক্তিৰ মাত্ৰা বজাই ৰখাত তিল তেল সহায়ক।
ডায়েবেটিছ ৰোগীৰ বাবেও এই তেল অতি উপকাৰী।