৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন

২, ৩ আৰু ৪ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ কাম যুদ্ধকালীন প্ৰস্তুতিৰে কাম চলি আছে।কচুবাৰী গৌজন পথাৰত অনুষ্ঠিত হব লগা অধিবেশনথলীত সঘনাই উপস্থিত থাকি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে দিনে নিশাই তদাৰক কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। ইয়াৰ উপৰিও আধিবেশনস্থলীত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, এমচিএলএ পবিত্ৰ কুমাৰ বড়ো, এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ উপৰিও অভ্যৰ্থনা সমিতিৰ বিষয়-ববীয়া সকলে কামৰ তদাৰক কৰি আছে।বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে অধিবেশনথলীত উপস্থিত হৈ স্কুটি লৈ বৃহৎ আকাৰৰ অধিবেশনথলী পৰ্যবেক্ষণ কৰে আৰু কামৰ অগ্ৰগতিৰ বুজ লয়।উল্লেখ্য যে বড়ো সাহিত্য সভাৰ অধিবেশনৰ ৪ মে’ত অনুষ্ঠিত হব লগা মুকলি অধিবেশনত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ।

ভাৰতৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি উপস্থিত থাকিব লগীয়া অধিবেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বড়ো সাহিত্য সভাৰ অধিবেশনস্থলীত এখন পর্যলোচনা সভা অনুষ্ঠিত হয়। সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংহাল, বি টি চি প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবহু সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, তামুলপুৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস, তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱৰ উপৰিও লোক নিৰ্মান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহন বিভাগ স্বাস্থ্য বিভাগ, উন্নয়ন খণ্ড বিদ্যুৎ বিভাগৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ লগতে বড়ো সাহিত্য সভাৰ অধিবেশনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী, নেপালৰ সাংসদৰ লগতে অসমৰ বিভিন্ন ঠাইৰ লগত বিভিন্ন ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধি উপস্থিত হব। অধিবেশনত যাতে কোনো ধৰণৰ বিজুতি নঘটে তাৰ বাবে তৎপৰতা অৱলম্বন কৰিবলৈ বিভাগীয় বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে।

Related Articles