চিলাপথাৰৰ বৰপথাৰত ৰঙালী আদৰণি উৎসৱৰ লাইখুঁটা স্থাপন চৰকাৰে ঘোষণা কৰা অনুদান মোকোলাই দিয়াৰ আহ্বান

চিলাপথাৰৰ বৰপথাৰত অহা ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ বাৰ্ষিক বৰপথাৰ ৰঙালী আদৰণি উৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয় । ঢোল-পেঁপাৰ মাত, নাচনী-বিহুৱাৰ জাউৰি জাউৰি বিহুনাম আৰু জাকে জাকে নাচনীৰ বিহুনাচৰ এক উখল-মাখল পৰিবেশৰ মাজত আনুষ্ঠানিকভাৱে বহাগী আদৰণি উৎসৱৰ লাইখুঁটা স্থাপন কৰে বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্ৰ বৰগোঁহায়ে । ১ বহাগৰ পৰা ৭ বহাগৰ ভিতৰত বিহু সন্মিলন অনুষ্ঠিত কৰা ১০ বছৰ অতিক্ৰম কৰা বিহু সমিতিসমূহক চৰকাৰে বিহু উদযাপন কৰিবলৈ ডেৰ লাখকৈ টকা যি অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল সেই সকলো চৰ্ত বৰপথাৰ বিহু সন্মিলনৰো যিহেতু আছে গতিকে চৰকাৰে কৰা ঘোষণা অনুসৰি ধনসমূহ মোকোলাই দিবলৈ আহ্বান জনাইছে বিহুৰ আয়োজকসকলে ।

চৰকাৰে যদি ঘোষণা কৰা মতে অনুদান প্ৰদান কৰে তেন্তে ৰাইজৰ ওচৰত হাত নপতাকৈ উলহ মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি প্ৰকাশ কৰে উদ্যোক্তাসকলে ।

Related Articles