Breaking

মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত আহত সাতজন …

0 39

নিশা নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰক্ষীৰ তালাচিৰ পৰা পলায়ন কৰা বাহনে এফালৰ পৰা মহতিয়াই নিলে বহুকেইখন বাহন।

নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন ইন্ট্ৰা V 30 মিনি ট্ৰাকৰ খুণ্ডাত আহত কেইবাজনো লোক। গুৱাহাটী অভিমুখে গৈ থকা AS 01 NC 0346 নম্বৰৰ ইন্ট্ৰা 3V 0 বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই মুকালমুৱা মাছ বজাৰত কেইবাখনো দোকানৰ লগতে ৰৈ থকা বাহনত খুন্দিয়াই সংঘটিত কৰে দুৰ্ঘটনাটো। দুৰ্ঘটনাত আহত সাত জন ক্ৰমে


1/মকিব আলী (৫৫)
2/জুৰমাত আলী(৪৫)
3/আচান আলী(৪২)
4/হামেদ আলী(৪০)
5/ৰবেন মেধি।(৪৫)
6/ৰফিক আলী(৪০)
7/মুজিবাৰ আলী(৪২)।


আহত আটাইকেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও ইয়াৰে মকিব আলীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত মিনি ট্ৰাক খনে এখন টেম্পো( AS 24 BC 8949), এখন দুচকীয়া বাহন ( AS 01 AY 1812), এখন মেজিক ভেন ( AS 25 DC 6401) আৰু এখন চাইকেলত খুন্দিয়াই।


উল্লেখযোগ্য যে-দুৰ্ঘটনা সংঘটিত কৰা ইন্ট্ৰা V 30 মিনি ট্ৰাক খনে মুকালমুৱা আৰক্ষীৰ নাকা তালাচিৰ পৰা পলায়ন কৰি দুৰ্ঘটনাটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

নলবাৰীৰ পৰা শংকৰ দাস ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.